গণতন্ত্ৰক হত্যা কৰাৰ অপচেষ্টা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই : কংগ্ৰেছ নেতা চৰণ সিং চাপ্ৰা
গুৱাহাটী,২৩ এপ্ৰিল : "অসমত গণতন্ত্ৰক হত্যা কৰাৰ অপচেষ্টা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীসকলৰ ওপৰত পুলিচ বাহিনীক অত্যাচাৰ কৰিবলৈ মেলি দি ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে।" - এই অভিযোগ নিখিল ভাৰত কংগ্ৰেছৰ কমিটীৰ সমন্বয়ক তথা প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ তত্বাৱধায়কৰ দায়িত্বত থকা চৰণ সিং চাপ্ৰাৰ। গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি এখন সংবাদমেল সম্বোধন কৰি তেওঁ বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিজেপি তিনিটা 'জে’ৰ সমষ্টি বুলি কৈ এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় তেওঁ কয়, "এই দলটোৱে সমগ্ৰ দেশত ঝুথ, ঝুমলা আৰু জাগলাৰী শাসন চলাই আছে। অৰ্থাৎ মিথ্যাচাৰ, অপপ্ৰচাৰ আৰু ঠগ-প্ৰৱঞ্চনাৰে বিজেপি দলে কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ চলাই আহিছে। বিজেপিয়ে অসমত গণতন্ত্ৰক ভৰিৰে মোহাৰি ‘গাৰ বলেৰে শাসন’ চলাইছে। তেওঁ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয়, "পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিৰোধীক দমন কৰিবলৈ আৰক্ষী বাহিনীক ব্যৱহাৰ কৰা হৈছে। যদি আৰক্ষীৰ লাঠিক ভোট লাভৰ বাবে ব্যৱহাৰ কৰা হয় তেন্তে গণতন্ত্ৰ ক'ত। বিজেপিয়ে অসমক এক ৰাজনৈতিক যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰিছে। অসমত মুক্ত পৰিৱেশৰ পূৰ্বে ভয়ে বিৰাজ কৰিছে। সাংসদ ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছ নেতাসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। ৰকিবুল হুছেইনৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে। এয়া কেৱল হাৰাশাস্তি নহয়, এয়া বিৰোধীৰ কণ্ঠস্বৰ ৰোধ কৰাৰ এক অপপ্ৰয়াস।" বিজেপিৰ ভুৱা প্ৰচাৰৰ কথা উল্লেখ কৰি তেওঁ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ চৰিত্ৰহনন কৰিব খোজা বুলি কৈ মুখ্যমন্ত্ৰীৰ এনে আচৰণক গৰিহণা দিয়ে। এনে কাৰ্যত শাসকীয় দলৰ হতাশা প্ৰতিফলিত হৈছে বুলি সদৰি কৰি তেওঁ কয়, "অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ সমালোচনা কৰা সাংবাদিকসকলক ভাবুকি দিয়া হৈছে আৰু শাস্তি দিয়া হৈছে। যিসকলে সত্য উন্মোচন কৰে তেওঁলোকক বিভিন্ন উপায়েৰে ভয়-ভাবুকি দি মুখ বন্ধ কৰি ৰখা হৈছে। ৰাইজে এনে ভয়ৰ পৰিৱেশ ওফৰাবলৈ সাজু হৈছে। বিজেপি দল আৰু চৰকাৰৰ সাহস থাকিলে আৰক্ষীৰ লাঠিৰ পৰিৱৰ্তে অসমত ভোটাৰক সিদ্ধান্ত লোৱাৰ সুযোগ দিয়ক।" তেওঁ নাগৰিকসকলক ভয়-ভীতিৰ সন্মুখীন নহৈ গণতান্ত্ৰিক চেতনাৰে উদ্বুদ্ধ হ’বলৈকো আহ্বান জনায়। সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতাগৰাকীয়ে মঙলবাৰে কাশ্মীৰৰ পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰতকৈয়ো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। তেওঁ উক্ত আক্ৰমণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোকে ঐক্যভাৱে যুঁজ দিবলৈ আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে সন্ত্ৰাসবাদ ৰোধ কৰাত মোদী চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে। সংবাদমেলত এআইচিচিৰ মিডিয়া সমন্বয়ক হৰ্ষদ শৰ্মাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, জ্যেষ্ঠ কংগ্ৰেছ নেতা মেহদী আলম বৰা, গোপল শৰ্মা, নেত্ৰৰঞ্জন চৌধুৰী, মুখপাত্ৰ ৰূপা কলিতা, হেপ্পী গগৈ, মিডিয়া বিভাগৰ সম্পাদক ৰূপক দাসকে ধৰি কেবাগৰাকী নেতা উপস্থিত আছিল।

0 Comments:
Post a Comment