পঞ্চায়ত নিৰ্বাচন : গ্ৰামোদয়, সৰ্বোদয়, অন্তোদয় আৰু ৰাষ্ট্ৰোদয়ৰ মন্ত্ৰেৰে সংকল্প পত্ৰ প্ৰকাশ বিজেপিৰ

গুৱাহাটী,২৬ এপ্ৰিলঃ 'প্ৰতিষ্ঠিত চিন্তা, মতবাদ তথা ধ্যানধাৰণাক প্ৰত্যাহ্বান জনাই আমি যোৱা সময়ত চৰকাৰ পৰিচালনা কৰিছোঁ ৷ যিসমূহ প্ৰতিষ্ঠিত ধ্যান-ধাৰণাই সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত হেঙাৰৰ সৃষ্টি কৰিছিল, চৰকাৰৰ যোৱা চাৰিটা বছৰৰ কামকাজে প্ৰতিদিনে সেইসমূহক প্ৰত্যাহ্বান জনাইছে ৷ এটা সময়ত অসমৰ মুখ্যমন্ত্ৰীসকলে দিল্লীৰ ওচৰত ভিক্ষা খোজাৰ দৰে পৰিস্থিতি আছিল, আজি আমি এনে এটা পৰিস্থিতিলৈ গৈ আছোঁ, য’ত দেশৰ উন্নয়নত আমাৰ ৰাজ্যখনেও কিবা এটা বৰঙণি আগবঢ়াবলৈ গৈ আছে।' - এই বক্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ পঞ্চায়ত নিৰ্বাচন উপলক্ষে  ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে প্ৰকাশ কৰি উলিওৱা 'সংকল্প পত্ৰ’ উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ  লগতে কয় যে এক শক্তিশালী পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ জৰিয়তে তৃণমূলৰ উন্নয়নক অধিক গতি প্ৰদান কৰাৰ সুযোগ আছে ৷ চৰকাৰখনে যদি দুহেজাৰ কিল’মিটাৰ পথ নিৰ্মাণ কৰিছে, পঞ্চায়তৰ এমজিএনৰেগা আৰু লোকনিৰ্মান বিভাগৰ যৌথ উদ্যোগত  অতিৰিক্ত দুহেজাৰ পথৰ নিৰ্মাণ সম্ভৱ কৰি তুলিব পৰা যাব ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নতুনকৈ ৩.৫ লাখ ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ গৃহনিৰ্মাণ আঁচনিৰে সামৰি হ’লেও অনাগত সময়ত অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়াৰ বাবে ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো  সম্পূৰ্ণ কৰা হ’ব ৷ পুৱা ৯ বজাৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত 'পঞ্চায়ত নিৰ্বাচন- ২০২৫, সংকল্প পত্ৰ’ উন্মোচন অনুষ্ঠানত বক্তব্য প্ৰদান কৰি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় যে এখন সুৰক্ষিত অসম, বিকশিত অসম আৰু শ্ৰেষ্ঠ অসম গঢ়াৰ খনিকৰসকল হ’ল গঞা ৰাইজ। বিজেপিয়ে প্ৰতিটো নিৰ্বাচনতে ৰাইজৰ পৰা মতামত গ্ৰহণ কৰি ইস্তাহাৰ প্ৰস্তুত কৰে ৷ এইবাৰো সৰ্বস্তৰৰ ৰাইজৰ পৰা মতামত গ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ প্ৰকাশ কৰি উলিওৱা হৈছে ৷ প্ৰায় ৩.৫ হাজাৰতকৈ অধিক লোকে ই-মেইল যোগে পৰামৰ্শ প্ৰেৰণ কৰিছে আৰু ৰাইজৰ সেই পৰামৰ্শ সাপেক্ষেই 'সংকল্প পত্ৰ’ প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰম্ভিক পৰ্যায়ত ইতিমধ্যে অভিলেখসংখ্যক প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ কথা উল্লেখ কৰি  সভাপতিগৰাকীয়ে ইয়াৰ বাবে দলৰ সকলো স্তৰৰ কাৰ্যকৰ্তা আৰু ৰাইজক  ধন্যবাদ জ্ঞাপন কৰে ৷ সেৱাই সংগঠন- নীতিৰে দলৰ কাৰ্যকৰ্তাসকলে কৰি অহা অসীম ত্যাগৰ কথাও সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত প্ৰকাশ কৰে ৷

বিজেপিৰ কাৰণে কোনো এটা নিৰ্বাচনেই কোৱাৰ্টাৰ ফাইনেল বা চেমি ফাইনেল নহয় বুলি উল্লেখ কৰি সভাপতি শইকীয়াই কয় যে পঞ্চায়তৰ পৰা সংসদীয় নিৰ্বাচনলৈ প্ৰতিটো নিৰ্বাচনেই বিজেপিৰ কাৰণে ফাইনেল। পঞ্চায়ত নিৰ্বাচনটোও দলৰ কাৰণে সমানেই গুৰুত্বপূৰ্ণ ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ উন্নয়নমূলক কামকাজৰো ভূয়সী প্ৰশংসা কৰে সভাপতিগৰাকীয়ে ৷ সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে পঞ্চায়ত নিৰ্বাচন সংকল্প পত্ৰ সংকলন সমিতিৰ আহ্বায়ক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে  অনুষ্ঠানটোৰ উদ্দেশ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷ কেবাটাও ব্যতিক্ৰমী দিশ সামৰি প্ৰস্তুত কৰা সংকল্প পত্ৰখনিৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ মূল ভাবাদৰ্শক প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰা হৈছে ৷ মহাত্মা গান্ধীৰ ‘গ্ৰামোদয়’, আচাৰ্য বিনোৱা ভাৱেৰ 'সৰ্বোদয়', পণ্ডিত দীনদয়াল উপাধ্যায়ৰ 'অন্তোদয়' আৰু অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোদীৰ 'ৰাষ্ট্ৰোদয়'ৰ লক্ষ্যেৰে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰখন প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ ক্ষমতাৰ প্ৰকৃত অৰ্থৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে সমাজৰ শেষৰগৰাকী লোকৰ সৰ্বাংগীণ উন্নয়নৰ সংকল্পৰ কথা এই সংকল্প পত্ৰখনৰ জৰিয়তে ঘোষণা কৰা হৈছে ৷ মূল ১৫টা সংকল্পৰ কথা ঘোষণা কৰি এই সংকল্পত যুৱ-ছাত্ৰ, মহিলা, কৃষক, চাহশ্ৰমিকৰ লগতে সমাজৰ দুৰ্বল শ্ৰেণীৰ সামগ্ৰিক উন্নয়নৰ পণ লোৱা হৈছে ৷ উৎপাদন আৰু বিপননৰ সন্তুলিত ব্যৱস্থা প্ৰতিষ্ঠাৰ জৰিয়তে গ্ৰামাঞ্চলতে এখন কাৰ্যকৰী বজাৰ তৈয়াৰ কৰাৰো প্ৰচেষ্টাৰ কথা এই সংকল্প পত্ৰৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। অনুষ্ঠানতে পঞ্চায়ত নিৰ্বাচন উপলক্ষে প্ৰস্তুত কৰি উলিওৱা দুটি গান আৰু বিজেপি মিত্ৰজোঁট চৰকাৰে যোৱা ৯ বছৰে কৰি অহা উল্লেখযোগ্য উন্নয়নমূলক কামকাজক সামৰি এখন তথ্যচিত্ৰও মুকলি কৰা হয়। অনুষ্ঠানতে বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শনেৰে সমাজক নতুন উদ্দীপনা প্ৰদান কৰা তথা অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা কেইবাগৰাকীও স্বনামধন্য ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ উপস্থিতিত বিশেষভাৱে সম্বৰ্দ্ধিত এইসকল উল্লেখনীয় ব্যক্তিত্ব হ’ল  ক্ৰমে এছ আৰ ডিৰ সঞ্চালক অসম গৌৰৱ অনুপম ডেকা, সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা, চাহ খেতিয়ক অসম গৌৰৱ টেনজিং বড়োছা, বস্ত্ৰ উদ্যোগী অসম গৌৰৱ জেচিন কুম্বাং পাৱ, পাভৈ গ্ৰীণছৰ সঞ্চালক অসম গৌৰৱ নীলম দত্ত, মৎস উৎপাদক অসম গৌৰৱ দেৱজিৎ বৰ্মন, কৃষি সংগঠক পুস্পধৰ কছাৰী, মহিলা গাহৰি পালক  ৰুণা ৰফিক, আদৰ্শ খেতিয়ক উৎপল কলিতা, আদৰ্শ খেতিয়ক জয়ন্তমল্ল বুজৰবৰুৱা, উদ্যান শস্য খেতিয়ক দেৱব্ৰত ৰাভা, মৎস্য পালক গুৰুপ্ৰসাদ দাস আৰু কাঠফুলা উৎপাদক তুলিকা গগৈ স্বৰ্গীয়াৰী। সংকল্প পত্ৰ উন্মোচনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী আৰু দলৰ ৰাজ্যিক সভাপতিৰ লগতে দলৰ ৰাজ্যিক প্ৰভাৰী হৰিশ ত্ৰিবেদী, মন্ত্ৰী তথা পঞ্চায়ত নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক পীয়ূষ হাজৰিকা, সংকল্প পত্ৰ সংকলন সমিতিৰ আহ্বায়ক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, প্ৰাক্তন ৰাজ্যিক সভাপতি তথা সাংসদ ৰঞ্জিত দত্ত, দলৰ ৰাষ্ট্ৰীয় সমিতিৰ সম্পাদক তথা সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, কৌশিক ৰায়, সাংসদ বিজুলী কলিতা মেধি, দলৰ উপ-সভাপতি তপন কুমাৰ গগৈকে ধৰি দলৰ যথেষ্টসংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকে।

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment