হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্রহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ অখিল গগৈৰ
লখিমপুৰ,২৬ এপ্ৰিল : ২০২৬ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰেৰে আজি লখিমপুৰত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ চলালে নিৰ্বাচনী প্ৰচাৰ অভিযান। লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৱতি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আমিৰ আলিৰ হৈ প্ৰচাৰ চলাই অখিল গগৈয়ে বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। সমষ্টিটোৰ ৰঙাজানত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত ৰাইজক হিন্দু মুছলমান এক হোৱাৰ শ্লগানেৰে উত্তেজিত ভাষণ প্ৰদান কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পঞ্চায়ত নিৰ্বাচনৰ পৰাই কংগ্ৰেছ দলৰ সৈতে বুজাবুজি হোৱা ভাল আছিল বুলি মন্তব্য কৰে ৰাইজৰ দল সভাপতি গৰাকীয়ে । তেওঁ কয় - ৰাইজৰ দলে বিচাৰিলেও কংগ্ৰেছে নিবিচাৰিলে ৷ কংগ্ৰেছৰ ভিতৰচ’ৰাতে আছে খামখেয়ালী ৷ কংগ্ৰেছে আমাৰ লগত কোনো বুজাবুজি কৰা নাই । যাৰবাবে এতিয়া দুয়োটাৰে ক্ষতি হৈছে। পেহেলগামৰ ঘটনাৰ পাচতে অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত দিয়া গোচৰ সম্পৰ্কত ক’লে মই সন্ত্ৰাসবাদৰ সপক্ষে কথা কোৱা নাই ৷ দেশক ভালপোৱা মানুহবোৰক একাংশই আমনি কৰিবলৈ চেষ্টা কৰিছে বুলিহে মন্তব্য কৰা বুলি কয় । আমি দেশক অন্তঃকৰণেৰে ভাল পাও। সন্ত্ৰাসবাদিক নিৰ্মূল কৰিবলৈ কোৱাৰ বাবেই আমাৰ ওপৰত যদি কোনোবাই গোচৰ দিয়ে দিয়ে তেন্তে তেওঁলোকৰ দেশপ্ৰেমো কিমান তাক চাই লোৱা দৰকাৰ । কাশ্মীৰৰ প্ৰসংগত তেওঁ কয় পেহেলগামত সন্ত্ৰাসবাদীয়ে যি নাৰকীয় হত্যাকাণ্ড কৰিলে সেই সন্ত্ৰাসবাদিক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু সন্ত্ৰাসবাদ সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিব লাগে । সন্ত্ৰাসবাদিক নিৰ্মূল কৰিব লাগে বুলি কোৱাৰ কাৰণেই মই জেললৈ যাব লাগে নেকি আৰু গোচৰ দিব লাগে নেকি । তেওঁলোকে দেশক ভাল পায়নে নাজানো । আমি কিন্তু দেশৰ কাৰণে জীৱন দি দিছো । উল্লেখ যে আজি বিধায়ক গৰাকীয়ে লখিমপুৰৰ ঘূণাসুঁতি আৰু ভীমপৰাত দুখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে ।

0 Comments:
Post a Comment