কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ডিব্ৰুগড়ত দুখন উৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ


নিউজ ডেক্স,২৭ এপ্ৰিল : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আজি ডিব্ৰুগড়ত দুখন উৰণ সেতু উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ Transformation through Transportation অৰ্থাৎ পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ দৃষ্টিভংগীক সাৰোগত কৰি ডিব্ৰুগড়ৰ পথ আন্তঃগাঁথনিক এক নতুন গতি প্ৰদানেৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চহৰখনত ড° লীলা গগৈ উৰণ সেতু আৰু বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতুৰ শুভ উদ্বোধন কৰি ৰাইজৰ প্ৰতি উৎসৰ্গা কৰোঁ। প্ৰায় মুঠ ১১৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত উৰণ সেতু দুখনে ৰাইজৰ বাবে সুচল যাতায়াত নিশ্চিত কৰি যান-জঁট হ্ৰাস কৰাত সহায় কৰিব আৰু ডিব্ৰুগড়ৰ সৌন্দৰ্যক এক নতুন ৰূপ দিব।" কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে লগতে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদিচ্ছা, আন্তৰিকতা আৰু দূৰদৰ্শী দৃষ্টিভংগীৰ ফলশ্ৰুতিত বিগত এটা দশকত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ডিব্ৰুগড়ত সৰ্বাংগীণ উন্নয়ন আৰু সমৃদ্ধি তথা স্থায়ী শান্তিৰ পৰিৱেশৰ সূচনা হৈছে। বিগত এটা দশকত ডিব্ৰুগড়ত অভাৱনীয় উন্নয়ন সৃষ্টি হৈছে। আনহাতে বিগত মাহত আফস্পা ডিব্ৰুগড়ৰ পৰা প্ৰত্যাহাৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসমলৈ প্ৰগতি আৰু সমৃদ্ধিৰ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিলে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ বাবে অসমেও পথ আন্তঃগাঁথনিমূলক কামত দোপতদোপে আগুৱাই গৈছে। বিগত এটা দশকত ডিব্ৰুগড়ত পথ আন্তঃগাঁথনিৰ দ্ৰুত ৰূপত হোৱা উত্তৰণ দেখি আনন্দিত হৈছোঁ। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰাত উজনি অসমৰ কেইবাখনো জিলাৰ ৰাইজে কম সময়ৰ ভিতৰতে চৰকাৰী সেৱাসমূহ লাভ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ এই প্ৰয়াসৰ প্ৰতি ধন্য হ'লোঁ। এই প্ৰয়াসে ৰাইজক নিৰৱচ্ছিন্ন সেৱা প্ৰদান কৰি প্ৰশাসন ব্যৱস্থাক শক্তিশালী কৰিব। তদুপৰি এই উৰণ সেতু দুখন অসমৰ ভাষা-সাহিত্য জগতৰ দুগৰাকী স্বনামধন্য ব্যক্তিৰ নামেৰে নামকৰণ কৰা হৈছে। এই পদক্ষেপৰ মই শলাগ ল'লোঁ। আমাৰ ভাষা-কলা-সংস্কৃতিক আগুৱাই লৈ যোৱা মহান মনীষীসকলক সন্মান জনাই তেওঁলোকৰ অৱদানক চিৰদিনৰ বাবে যুগমীয়া কৰি ৰখাৰ প্ৰয়াস সঁচাকৈয়ে প্ৰশংসনীয়। প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ উন্নয়নক অগ্ৰাধিকাৰ দি অঞ্চলটোলৈ লৈ অনা শান্তি-প্ৰগতিৰ বাৰ্তাৰে আমি উদ্বুদ্ধ হোৱা উচিত। আমি শান্তিপূৰ্ণ আৰু প্ৰগতিৰ সপোন দেখা উচিত। আহক, আমি সকলোৱে একতাৰ বাণীৰে অনুপ্ৰাণিত হৈ অসমৰ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাক সমৃদ্ধ কৰোঁ।" অনুষ্ঠানত মন্ত্রী প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালা, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক পোনাকণ বৰুৱা, বিনোদ হাজৰিকা, তৰংগ গগৈ আৰু চক্ৰধৰ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment