গো পালকক গৰু চোৰ সজাই ঘোচ লোৱা কাণ্ড : অৰুণাচলত গ্ৰেপ্তাৰ লক্ষীমপুৰৰ পানীগাঁও থানাৰ এছ আই সত্যজিৎ বৰা


লখিমপুৰ,২৬ এপ্ৰিল : লখিমপুৰ জিলাৰ পানীগাঁও থানাত ৰজু হোৱা এটা গোচৰকলৈ লখিমপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু এই ঘটনাত পানীগাঁও থানাৰ তিনিজন লোকক আৰক্ষীয়ে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল যদিও উক্ত গোচৰত সাঙোৰ খাই পৰা থানাখনৰ এছ আই সত্যজিত বৰা দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল৷ যোৱা ১২ মাৰ্চৰ পৰা পলাতক হৈ আছিল এই বিষয়াজন৷ অৱশ্যে পলাতক এছ আই জনক আৰক্ষী বিভাগে নিলম্বিত কৰিছিল৷ আনহাতে পলাতক এছ আই সত্যজিত বৰাক শুকুৰবাৰে লখিমপুৰ আৰক্ষীয়ে অৰুণাচলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে গৰুচোৰ সজাই এজন নিৰীহ লোকৰ পৰা থানাখনত চাৰিজন আৰক্ষীয়ে উৎকোচ গ্ৰহণ কৰিছিল আৰু এই কথা পিছত সদৰি হোৱাত আৰক্ষীয়ে তদন্তৰ ব্যৱস্থা কৰি চাৰিজনক অভিযুক্ত কৰিছিল৷ ইয়াৰ তিনিজন পূৰ্বে জেললৈ গৈছিল যদিও এছ আই সত্যজিত বৰা দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment