গুৱাহাটী,১১ এপ্ৰিল : আজি ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থী আছিল ৪,২২,৭৩৭ গৰাকী। ইয়াৰে ছাত্ৰৰ সংখ্যা আছিল ১,৮৭,৭৫২ গৰাকী, ছাত্ৰী ২,৩৪,৯৮৫ গৰাকী। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ । পৰীক্ষাত মুঠ ৪,২২,৭৩৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰত ২,৭০,৪৭১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৭.৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ৬১.০৯ শতাংশ। এইবাৰৰ ফলাফলত প্ৰথম বিভাগ লাভ কৰিছে ৮৯,০৪১ গৰাকীয়ে। ইয়াৰে ডিচটিংচন লাভ কৰিছে ৫,৩৩৬ গৰাকীয়ে। ষ্টাৰ নম্বৰ লাভ কৰিছে ১৬,৫১৭ গৰাকীয়ে। লেটাৰ নম্বৰ লাভ কৰিছে ১,৬৮,৩১২ গৰাকীয়ে। এইবাৰ দ্বিতীয় বিভাগ লাভ কৰিছে ১,৩৫,৫৬৮ গৰাকীয়ে আৰু তৃতীয় বিভাগ লাভ কৰিছে ৪৫,৮৬২ গৰাকীয়ে। এইবাৰৰ ফলাফলত উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত আছে শিৱসাগৰ। জিলা খনৰ উত্তীৰ্ণৰ হাৰ ৮৫.৫৫ শতাংশ। সেইদৰে দ্বিতীয় স্থানত ৮১.১০ শতাংশৰে জিলিকিছে ডিব্ৰুগড় জিলা। ৮০.৬১ শতাংশ হাৰেৰে তৃতীয় স্থানত ধেমাজি জিলা। আনহাতে ফলাফলৰ উত্তীৰ্ণৰ হাৰৰ সৰ্বনিম্নত শ্ৰীভূমি জিলা। শ্ৰীভূমি জিলাত উত্তীৰ্ণৰ হাৰ ৪৭.৯৬ শতাংশ।
এই ফলাফলত অসমৰ ভিতৰতে 'অৰ্ডাৰ অৱ মেৰিট'ৰ শীৰ্ষ ৩ টা স্থান দখল কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু অসম জাতীয় বিদ্যালয়, নুনমাটিয়ে । প্ৰথম স্থান দখল কৰিছে প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিশী শইকীয়াই । আমিশীয়ে ৫৯১ নম্বৰৰ সৈতে (৯৮.৫ শতাংশ) শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় । ইফালে তৃতীয় স্থানো একেখন বিদ্যালয়ৰে ছাত্ৰ অনিৰ্বাণ বৰগোহাঁইয়ে লাভ কৰিছে । অনিৰ্বাণে ৫৮৯ নম্বৰ (৯৮.১৭ শতাংশ) লাভ কৰে । বিদ্যালয়খনে শীৰ্ষ ৩ টা স্থানৰ ২ টা স্থানেই দখল কৰিবলৈ সক্ষম হৈছে । আনহাতে অসমৰ ভিতৰতে দ্বিতীয় শীৰ্ষ স্থান দখল কৰিছে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী সপ্তাৰ্শ্ব বৰদলৈয়ে । সপ্তাৰ্শ্ব বৰদলৈয়ে ৫৯০ নম্বৰ (৯৮.৩৩ শতাংশ) লাভ কৰে ।

0 Comments:
Post a Comment