লখিমপুৰত বিজেপিৰ জিলা কাৰ্যালয়ত টিকট বঞ্চিতৰ উত্তাল প্ৰতিবাদ

লখিমপুৰ,১২  এপ্ৰিল : লখিমপুৰত আজি বিজেপিৰ কাৰ্যালয়তে বিজেপি কৰ্মীয়ে উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰে৷ গেৰুৱা দলৰ টিকটৰ পৰা বঞ্চিত হৈ এইসকল বিজেপি কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি বিজেপি আৰু গণশক্তি দলৰ মাজত আসন বটোৱাৰাক লৈ তীব্ৰ সংঘাতৰ ফলতে আজি এনে প্ৰতিবাদৰ সৃষ্টি হয়৷ বিশেষকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বাবেই আজি লখিমপুৰ জিলা বিজেপিৰ কাৰ্যালয় উত্তপ্ত হৈ পৰে৷ গণশক্তি দলে সোৱণশিৰি আঞ্চলিক পঞ্চায়তৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে নিপুণ টাইদক বিজেপিৰ টিকট প্ৰদান কৰাৰ পিছতে এনে প্ৰতিবাদৰ সূচনা হয়৷ একেদৰে নিপুণ টাইদে বিজেপি দলৰ প্ৰতীক লাভ কৰি মনোনয়ন দাখিল কৰা কাৰ্যত একাংশ বিজেপি কৰ্মী ক্ষুব্ধ হৈ উঠে আৰু তেওঁলোকে কালি  দুপৰীয়া লখিমপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত সমবেত হৈ এনে কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে উত্তাল প্ৰতিবাদ জনায়৷ ইফালে সোৱণশিৰি পঞ্চায়তত অতি দুৰ্যোগৰ সময়তো বিজেপিৰ হৈ নিষ্ঠাৰে বিজেপি দলৰ কাম-কাজ কৰি অহা ৰুদ্ৰ পেগুৰ পত্নী নিৰ্জুলা দলে পেগুক বিজেপিয়ে টিকট প্ৰদান নকৰাত একাংশ বিজেপি কৰ্মীয়ে লখিমপুৰ জিলা কাৰ্যালয়ত সমবেত হৈ নিৰ্জুলা দলেক সমৰ্থন জনাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় কৰোৱাই মনোনয়ন পত্ৰ দাখিল কৰে৷  নিৰ্জুলা দলেৰ লগত বিজেপিৰ ভালেসংখ্যক দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰি তেওঁক মনোনয়ন দাখিল কৰাত সহযোগিতা আগবঢ়ায়৷ এই সন্দৰ্ভত নিৰ্জুলা দলেৰ স্বামী ৰুদ্ৰ পেগুৱে ক্ষোভ প্ৰকাশ কৰি কয় যে গণশক্তি দলৰ প্ৰাৰ্থীয়ে বিজেপি দলৰ প্ৰতীক চিহ্ন ব্যৱহাৰ কৰাতো কোনোপ্ৰকাৰে সহ্য নকৰে আৰু ইয়াৰ বাবেই আজি বৃহৎ সংখ্যক বিজেপি কৰ্মীয়ে নিৰ্জুলা দলে পেগুলৈ সমৰ্থন আগবঢ়ায়৷

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment