গভাইট চোৰলৈ মুখ্যমন্ত্ৰীৰ বিহুৱান উপহাৰ বিহুৱান, চক্ৰ বিষয়াৰ তদন্ত
লখিমপুৰ,৬ এপ্ৰিল : লখিমপুৰত এটা গভাইত চোৰে মুখ্যমন্ত্ৰীৰ ব'হাগ বিহুৰ উপহাৰ লাভ কৰা খবৰক লৈ লখিমপুৰত ব্যাপক চৰ্চা হৈছে। সম্প্ৰতি এই ঘটনাই লখিমপুৰ জিলা বিজেপিতো প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছে। ৰাজনৈতিক হস্তক্ষেপৰ বাবেই যে এটা চোৰে মুখ্যমন্ত্ৰীৰ এনে বিহুৱান তথা উপহাৰ লাভ কৰিছে সেয়া ক্ৰমে পোহৰলৈ আহিছে। উল্লেখ্য যে চিদা দাস নামৰ লোকজনৰ বিৰুদ্ধে লখিমপুৰৰ পানীগাঁও থানাত কেবাটাও চুৰি গোচৰ পঞ্জীয়ন হৈ থকাৰ পিছতো কেনেদৰে চিদা দাসে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ আৰু বিহুৱান লাভ কৰিবলৈ সক্ষম হ’ল তাক লৈ লখিমপুৰত বিজেপি মহলতে তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়াকৈ পোৱা তথ্য অনুসৰি লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ ঘনিষ্ঠ জগদীশ গুপ্তা নামৰ বিজেপি নেতাগৰাকীয়ে উক্ত তালিকা প্ৰস্তুত কৰাৰ তথ্য পোহৰলৈ আহিছে৷ তেওঁৰ যোগেদিয়েই নাওবৈচা আৰু ৰঙানদী সমষ্টিৰ তালিকা প্ৰস্তুত কৰা হৈছিল আৰু সেই তালিকাত প্ৰদান বৰুৱাই অনুমোদন জনাইছিল৷ ইফালে বিজেপি দল আৰু নেতৃত্ব কৰ্মকৰ্তা আদিক লজ্জানত কৰা এই ঘটনা সন্দৰ্ভত লখিমপুৰ জিলা বিজেপিৰ সভাপতি শ্যামল শৰ্মাই লখিমপুৰৰ চক্ৰ বিষয়াক তদন্ত কৰিবলৈ আবেদন জনোৱাত লখিমপুৰৰ চক্ৰ বিষয়া নিলোৰাম শৰ্মাই ততাতৈয়াকৈ তদন্ত কৰে৷ তেওঁ তদন্ত কৰি পানীগাঁও থানাৰ অন্তৰ্গত তথা বছাগাঁৱৰ গাঁওবুঢ়া বিষ্ণু দাসৰ বিৰুদ্ধে জিলা উপায়ুক্তক প্ৰতিবেদন দাখিল কৰাৰ লগতে তেওঁক কৈফিয়ৎ তলব কৰে। অৱশ্যে চক্ৰ বিষয়াই জনোৱা অনুসৰি উক্ত তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত গাঁওপ্ৰধান জৰিত নহয় বুলি চক্ৰ বিষয়াজনক গাঁওপ্ৰধান বিষ্ণু দাসে অৱগত কৰে৷ গাঁওবুঢ়া দাসে সংবাদ মাধ্যমক জনোৱা অনুসৰি স্বয়ং মুখ্যমন্ত্ৰীয়ে পঠোৱা বিহুৰ উপহাৰ তেওঁ কেনেকৈ লোকজনক নিদিয়াকৈ থাকিব পাৰে আৰু তেওঁ দিয়া সমাজৰ বিশিষ্ট লোকৰ নাম তালিকাত চিদা দাসৰ নাম দিয়া নাছিল৷ মুখ্যমন্ত্ৰীলৈ কেনেদৰে চিদা দাসৰ নাম গ’ল তাক লৈ নিজেওঁ চিন্তিত বুলি কয়৷ আনহাতে চক্ৰ বিষয়াই কয় যে মুখ্যমন্ত্ৰীৰ পৰা প্ৰেৰণ কৰা উপহাৰ সমূহ ১৮ মাৰ্চত তেওঁলোকে লাভ কৰাৰ পিছত চৰকাৰে ২ এপ্ৰিলৰ ভিতৰত বিতৰণ কৰি শেষ কৰাৰ বাবে নিৰ্দেশ দিছিল আৰু সেইমৰ্মে বিভিন্ন পঞ্চায়তত গাঁওপ্ৰধান সকলৰ জৰিয়তে এই উপহাৰ সমূহ বিতৰণ কৰা হৈছিল৷ ইফালে এই সন্দৰ্ভত লখিমপুৰৰ জিলা বিজেপিৰ সদ্য প্ৰাক্তন উপ-সভাপতি তথা পানীগাওঁ থানাৰ অন্তৰ্গত বিজেপিৰ জ্যেষ্ঠ নেতা পুলিন দাসে বিজেপিৰ ১০৮ নং বুথৰ সভাপতি বাবুল দাসক সোধা পোছা কৰিছে৷ লখিমপুৰ জিলা বিজেপিৰ নৱ নিৰ্বাচিত সভাপতি শ্যামল শৰ্মাইয়ো এই তালিকাত চিদা দাসৰ নাম কেনেদৰে সন্নিবিষ্ট হ'ল সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে আৰু এনে নাম প্ৰেৰণ কৰা লোকৰ বিৰুদ্ধে দলৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ উল্লেখ যে চিদা দাস দলৰ এজন নিষ্ঠাবান কৰ্মী তথা সমজা হিতৈষী হিচাপে এই উপহাৰ লাভ কৰিবলৈ সক্ষম হয়৷ এই ঘটনাই লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

0 Comments:
Post a Comment