গুৱাহাটী,৬ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ বশিষ্ঠস্থিত দলৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই দলৰ পতাকা উদ্বোধন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে৷ উল্লেখ্য যে ৰাজ্যিক কাৰ্যালয়ৰ সমান্তৰালভাৱে ৰাজ্যৰ ৩৯খন সাংগঠনিক জিলাৰ মুখ্য কাৰ্যালয়, ৪৩৩টা মণ্ডল কাৰ্যালয় আৰু ২৯৫৬৫টা বুথত দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উৎসৱমুখৰ পৰিৱেশত পালন কৰা হয়৷ ইয়াৰ উপৰি দলৰ সকলো সাংসদ, বিধায়ক, মন্ত্ৰী তথা অন্যান্য জেষ্ঠ্য নেতাসকলে পুৱাৰ ভাগত নিজ নিজ বাসগৃহত দলীয় পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমৰ সহযোগী হয়।
অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা দলৰ কাৰ্যকৰ্তাক সম্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ‘উদ্যমী আৰু কৰ্মতৎপৰ কাৰ্যকৰ্তাসকলে এটা সংগঠন শক্তিশালী কৰি ৰাখে৷ এনে অসংখ্য নিষ্ঠাৱান সেৱকে ভাৰতীয় জনতা পাৰ্টিক আজি বিশ্বৰ বৃহত্তম ৰাজনৈতিক দল হিচাপে গঢ়ি তুলিছে৷ আজি বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ শক্তিশালী দলটোৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত বশিষ্ঠস্থিত দলৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ৷ ‘ৰাষ্ট্ৰ প্ৰথম’– নীতিৰে প্ৰতিপল দেশ, সমাজ তথা জনসাধাৰণৰ সেৱাত ব্ৰতী হৈ দলটোক আগুৱাই নিবলৈ দলৰ কাৰ্যকৰ্তাসকল সষ্টম হৈ থাকিব লাগিব৷ পুনৰবাৰ দলটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অক্লান্ত ত্যাগ কৰা কৃতবিদ্যসকলক শতকোটি প্ৰণাম জনাই সমূহ সন্মানীয় কাৰ্যকৰ্তালৈ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ৷" উল্লেখযোগ্য যে ১৯৮০ চনৰ ৬ এপ্ৰিল দিনটোতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ‘ভাৰতৰত্ন’ অটল বিহাৰী বাজপেয়ী আৰু প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ‘ভাৰতৰত্ন’ লালকৃষ্ণ আদৱানিৰ লগতে কেইবাগৰাকীও পুৰোধা ব্যক্তিৰ সবল নেতৃত্বত ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰে ভাৰতক পুনৰ বিশ্বশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা হৈছিল৷ প্ৰতিষ্ঠা দিৱসৰ দিনা দলীয় পতাকা উত্তোলন কৰি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়– ‘ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ বছৰীয়া ৰাজনৈতিক যাত্ৰা আমাৰ বাবে কুসুমাকীৰ্ণ নাছিল, বৰঞ্চ ই আছিল কণ্টকাকীৰ্ণ আৰু স্বৰূপাৰ্থত এক সদা জাগ্ৰত আদৰ্শগত সংগ্ৰাম ৷ দলৰ নীতি-আদৰ্শেৰে অনুপ্ৰাণিত ভাৰতীয় জনতা পাৰ্টিৰ লাখ লাখ কাৰ্যকৰ্তাই ৰাষ্ট্ৰ ধৰ্ম পালন কৰাৰ লগতে জনতাৰ সেৱাক মূল কৰ্ম হিচাপে মানি লৈ লোক সংগ্ৰহ, লোক সম্পৰ্ক আৰু লোক সংস্কাৰৰ সাধনাত ব্ৰতী হৈ দলটোক আজিৰ গৌৰৱময় স্থিতিত উপনীত কৰাইছে৷ আমাৰ যাত্ৰাত পদে পদে প্ৰত্যাহ্বান আছিল যদিও তেনে কঠিন পৰিস্থিতিৰ মাজতো আমাৰ দেৱতুল্য কাৰ্যকৰ্তাই অসীম শক্তি আৰু সবল দৃঢ়তাৰে দলীয় কাৰ্যক হেলাৰঙে আগবঢ়াই নিবলৈ সমৰ্থ হৈছিল৷ প্ৰতিকূল পৰিবেশতো প্ৰতিগৰাকী কাৰ্যকৰ্তাই মন-মগজু-হৃদেয়ৰে অপৰাজেয় পদাতিকৰ দৰে আপোচবিহীনভাৱে কাম কৰি ভাৰতীয় জনতা পাৰ্টিক এটা বৃহৎ পৰিয়াললৈ ৰূপান্তৰ কৰিলে৷ বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰত জনসেৱাৰ সংগঠনৰ দৃষ্টিকোণেৰেও ভাৰতীয় জনতা পাৰ্টি আজি এক সুবিশাল বটবৃক্ষ৷ কেন্দ্ৰ, ৰাজ্য, স্থানীয় নিগম-নিকায়, স্বায়ত্তশাসিত পৰিষদ আদি সকলোতে আজি ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ প্ৰধানমন্ত্ৰী তথা বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিকেন্দ্ৰীকৰণ শাসন ব্যৱস্থাৰে জনগণক সুশাসন দিবলৈ সক্ষম হৈছে৷ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বৰ বাবেই আজি ভাৰতবৰ্ষ বিশ্বশক্তি¸ হোৱাৰ দিশত অগ্ৰসৰ হৈছে৷"
ৰাজ্যিক কাৰ্যালয়ৰ কাৰ্যক্ৰম অন্ত পৰাৰ পিছতেই সভাপতি দিলীপ শইকীয়াই বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আপোনগাঁও পূৰ্ণকামদেৱ মোমাইতোলাৰ ২৬৪ নং বুথত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ দলীয় কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে৷ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সত্তোৰৰ্ধৰ ২১ গৰাকী বৰ্ষীয়ান কাৰ্যকৰ্তাক সন্মান জনোৱা হয়৷ উল্লেখযোগ্য যে ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমত গুৱাহাটী মহানগৰীৰ সহস্ৰাধিক কাৰ্যকৰ্তাৰ লগতে দলৰ প্ৰাক্তন সভাপতি ক্ৰমে নাৰায়ণ বৰকটকী, ৰাজেন গোহাঁই, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰণজিৎ কুমাৰ দাস আৰু ভৱেশ কলিতা উপস্থিত থাকে৷ নলবাৰী, বৰক্ষেত্ৰীৰ পিছতেই ৰাজ্যিক সভাপতিয়ে নগাঁও জিলাই আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷


0 Comments:
Post a Comment