গুৱাহাটীত ঘনঅৰণ্যৰ বিপৰীতে বিদ্যালয়ত গজৰাজ


গুৱাহাটী,৯ এপ্ৰিল : বন ধ্বংসৰ পৰিণতিত ক্ৰমাৎ সংকুচিত হৈ আহিছে বন্য জীৱ-জন্তুৰ খাদ্য আৰু বিচৰণস্থলী। ফলত খাদ্যৰ সন্ধানত প্ৰায়ে বন্য জীৱ-জন্তুৱে বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰপ চলোৱা পৰিলক্ষিত হৈছে। মহানগৰীৰ দাতি কাষৰীয়া আমছিং অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে প্ৰায়েই সাতগাঁও অঞ্চলত উপদ্ৰপ চলাই আহিছে। জানিব পৰা মতে কালি খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে নাৰেঙ্গী আৰ্মী স্কুলৰ ভিতৰত প্ৰবেশ কৰা এটা ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত  খুব ভাইৰেল হৈ পৰিছে। উক্ত ভিডিঅ’টোত দেখা অনুসৰি বনৰীয়া হাতীটোৱে হঠাৎ সাতগাঁও সেনা ছাউনীৰ ভিতৰত থকা আৰ্মী স্কুলৰ ভিতৰত প্ৰবেশ কৰি এক আতংময় পৰিবেশৰ সৃষ্টি কৰে। স্বাভাবিকতে আৰ্মী স্কুলখনৰ ভিতৰত হাতীটো দেখি আতংকিত হৈ পৰে শিক্ষক শিক্ষয়ত্রীসকল। আৰ্মী স্কুল খনৰ এগৰাকী কৰ্মচাৰীয়ে বনৰীয়া হাতীটো প্ৰত্যক্ষ কৰি খেদি পঠিওৱাৰ চেষ্টা কৰে। অৱশ্যে স্কুল কৰ্তৃপক্ষৰ তৎপৰতাত বনৰীয়া হাতীটোক কোনোমতে সেই স্থানৰ পৰা আঁতৰাই আমচাং অভয়াৰণ্যৰ ফালে খেদি পঠিয়াবলৈ সক্ষম হয়। ইফালে আৰ্মী স্কুলত হাতীটোৰ আগমনৰ খবৰক লৈ অজ্ঞতা প্ৰকাশ কৰিছে বন বিভাগে।মন কৰিবলগীয়া কথা এই যে খাদ্যৰ সন্ধানত আমছিং অভয়াৰণ্যৰ ওলাই অহা বন্যহস্তীয়ে প্ৰায়ে সাতগাঁও অঞ্চলত মুক্ত বিচৰণ কৰা পৰিলক্ষিত হয়।

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment