গুৱাহাটীত তথ্য আয়োগসমূহৰ ৰাষ্ট্ৰীয় মহাসংঘৰ সন্মিলন


গুৱাহাটী,৮ এপ্ৰিল : গুৱাহাটীত আজি ভাৰতৰ তথ্য আয়োগসমূহৰ ৰাষ্ট্ৰীয় মহাসংঘৰ (NFICI) সাধাৰণ পৰিষদৰ চতুৰ্দশ বাৰ্ষিক আৰু বোৰ্ড অব গৱৰ্নৰচৰ ৩২ সংখ্যক সন্মিলন অনুষ্ঠিত হয়। অসম তথ্য আয়োগৰ উদ্যোগত খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অতিথিশালাত এই সন্মিলনৰ আয়োজন কৰা হয়। সভাখন উদ্বোধন কৰে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই। ভাৰতৰ মুখ্য তথ্য আয়ুক্ত তথা NFICI-ৰ সভাপতি হীৰালাল চামাৰিয়া আৰু অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্য তথ্য আয়ুক্তসকলে এই সন্মিলনত ভাগ লয়। উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে তথ্য জনাৰ অধিকাৰ আইনক স্বচ্ছতা আৰু দায়বদ্ধ সেৱা প্ৰদানৰ এক শক্তিশালী মাধ্যম বুলি উল্লেখ কৰি নাগৰিকসকলে এই আইনৰ সুবিধা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাজ্যিক তথ্য আয়োগসমূহে কৰা প্রচাৰ অভিযান আৰু সচেতনতামূলক পদক্ষেপৰ শলাগ লয়। সভাত অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই এই সন্মিলনখন আয়োজনৰ ক্ষেত্ৰত অসম চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ আন্তৰিক শলাগ লোৱাৰ লগতে ৰাজ্যখনত তথ্য জনাৰ অধিকাৰ আইনখন সফলতাৰে কাৰ্যকৰী কৰা হৈ আছে বুলি উল্লেখ কৰে। সন্মিলনত গুজৰাট, তামিলনাডু, অৰুণাচল প্ৰদেশ আৰু পশ্চিমবংগৰ মুখ্য তথ্য আয়ুক্তই নিজ নিজ ৰাজ্যত তথ্য জনাৰ অধিকাৰ আইন সম্পৰ্কত সচেতনতা বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে উপস্থাপন কৰে। সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কেন্দ্ৰীয় চৰকাৰৰ লগতে দেশৰ প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ কৰা হ’ব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment