আজি সন্মানীয় "দেশ ৰত্ন বঁটা" গ্ৰহণ কৰিব ডo দিব্যজ্যোতি শইকীয়াই


নতুন দিল্লী,২৯ এপ্ৰিল : ভাৰতী যুৱ ৱেলফেয়াৰ এচ'ছিয়েশ্যনৰ উদ্যোগত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সহযোগত নতুন দিল্লীৰ মান্দি হাউচৰ কমনী অ'ডিতৰীয়ামত আজি বিয়লি "দেশ ৰত্ন বঁটা ২০২৫" প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। উক্ত দেশ ৰত্ন বঁটা আগবঢ়োৱা হৈছে  অসমৰ প্ৰেৰনাত্মক বক্তা, যুক্তিবাদী চিন্তাবিদ, আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়ালৈ। বিগত ২৫ বছৰে দেশ, সমাজ তথা মানব জাতিৰ বাবে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ড০ দিব্যজ্যোতি শইকীয়ালৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হৈছে। উল্লেখ্য যে ডাইনী কাণ্ড তথা অন্ধবিশ্বাসৰ বিৰুদ্ধে দেশব্যাপী কাম কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা ড০ দিব্যজ্যোতি শইকীয়াই ড্ৰাগছ আদি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে বিশেষ ভাৱে কাম কৰাৰ লগতে সৰ্প দংশনৰ চিকিৎসা সেৱা আৰু ব্যাপক সজাগতা ৰূপায়ানেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমত ডাইনী কাণ্ড ৰোধৰ বাবে আইন বলৱৎৰ  মুখ্য দাবীদাৰ  ড০ শইকীয়াই এটা দশকতকৈ অধিক কাল ধৰি সমগ্ৰ ৰাষ্ট্ৰজুৰি কেইবাশতাধিক ডাইনীৰ নামত নিৰ্যাতিত লোকক উদ্ধাৰ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ড০ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে এশ ষাঠীটাতকৈ অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিছে। ডo শইকীয়াৰ এনে উল্লেখযোগ্য কৰ্মৰাজিৰ বাবে ইউ এছ এ টুদে, নিউইয়ৰ্ক উইকলি, আলজাঝিৰা, টাইম মেগাজিন আদি প্ৰখ্যাত সংবাদ মাধ্যমে ভূয়সী প্ৰশংসা কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment