মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ প্ৰতিবাদ


গুৱাহাটী,৩০ এপ্ৰিলঃ অসমৰ আই-মাতৃসকলক শালীনতাহীন শব্দৰে অপমান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১ মে’ৰ পুৱাৰে পৰা অসমৰ প্ৰতিখন জিলাত গোচৰ ৰুজু কৰা হ’ব। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশৰ ভিত্তিত জিলা কংগ্ৰেছৰ সভাপতিসকলে বৃহস্পতিবাৰে জিলা সদৰ থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই অপকাণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অসমৰ মাতৃ সমাজক অপমান কৰা বাবে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনাব। উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বুধবাৰে দিনৰ ভাগত অসমৰ জীয়াৰী-বোৱাৰীক সন্দেহৰ চকুৰে চাই ৰাজহুৱাভাৱে অপমান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ সময়সীমা বান্ধি দিছিল। এই সময়সীমা পাৰ হৈ যোৱাৰ বাবে আজি সভাপতি ভূপেন কুমাৰ বৰাই জিলা কংগ্ৰেছৰ সভাপতিসকলক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে অসমৰ নাৰী সমাজক অপমান কৰা বাবে অসম প্ৰদেশ মহিলা কংগ্ৰেছেও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি ৰাজীৱ ভৱনত মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰা হয়। মহিলা কংগ্ৰেছে বৃহস্পতিবাৰে জিলাই জিলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰিব। ইফালে আজি এক বিবৃতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঔদ্ধ্যতালিৰ সকলো সীমা চেৰাই উৰ্ধবাহু নৃত্য দিয়া আৰম্ভ কৰিছে। অসমৰ ৰাইজৰ সহ্যৰ এটা সীমা থাকে বুলি উল্লেখ কৰি তেওঁ কয় যে আইমাতৃসকলক আমি সেৱা কৰো। আমাৰ জীয়াৰী-বোৱাৰীৰ নিযুক্তিৰ জৰিয়তে চৰিত্ৰত কালিমা সানিবলৈ বিচৰা হিমন্ত বিশ্ব শৰ্মা অসমৰ এজন কলংকিত নেতা। ইতিহাসে তেওঁক কেতিয়াও ক্ষমা নকৰে বুলি উল্লেখ কৰি বৰাই কয় যে নেদেখাজনে মুখ্যমন্ত্ৰীৰ এই অতপালিৰ বিৰুদ্ধে বিচাৰ কৰিব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment