গুৱাহাটী : কেনেকৈ সমাধান হ'ব গুৱাহাটী মহানগৰীৰ ভয়াৱহ কৃত্রিম বানপানীৰ সমস্যা। ইয়াৰ সূত্র বিচাৰি আজি কৃত্রিম বানপানী হোৱা গুৱাহাটীৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই। লক্ষণীয় বিষয় যে গুৱাহাটী মহানগৰীৰ কৃত্রিম বানপানী ৰোধ কৰাৰ বাবে চৰকাৰে প্ৰত্যেক বছৰে কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও আজিপৰ্যন্ত এই সমস্যাৰ সমাধান হোৱা নাই। এজাক বৰষুণ দিলেই গুৱাহাটী জলমগ্ন হৈ পৰে। এই সমস্যা সমাধান কেনেকৈ সম্ভৱ। তাৰ বাবে আজি দিনজোৰা কার্যসূচীৰে গুৱাহাটীৰ অনিল নগৰ, ৰুক্মিণীগাঁও, জুৰিপাৰ, শিলসাঁকো, বশিষ্ঠপুৰ, হাতীগাঁও আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ গুৰুত্বপূৰ্ণ এলেকাকে ধৰি গুৱাহাটীৰ কেইবাটাও বানপানী অধ্যুষিত অঞ্চল পৰিদৰ্শন কৰে মন্ত্রীগৰাকীয়ে। গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু লোক নিৰ্মাণ বিভাগৰ অধীনত চলি থকা গেদীয় অৱৰোধ নিষ্কাশন কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে আসোঁৱাহসমূহ চিনাক্ত কৰি তাৰ দ্রুত সমাধানৰ বাবে মন্ত্রীগৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক কেতবোৰ পৰামর্শ আগবঢ়ায়। সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে কয়, "বিগত বৰ্ষৰ শেষৰ ফালৰ পৰা বানপানী সমস্যা মোকাবিলা কৰিব পৰাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দীৰ্ঘম্যাদী পৰিকল্পনাৰ সমান্তৰালভাৱে তাৎক্ষণিক পদক্ষেপক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ নোহোৱা নিষ্কাশন কাম ১৮ মে’ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষ তথা ঠিকদাৰসকলক নিৰ্দেশনা প্ৰদান কৰা হৈছে। অন্যথা দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।" আজিৰ পৰিদৰ্শন কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমীত সত্তাৱান, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াসকল, সংশ্লিষ্ট ৱাৰ্ডৰ পাৰিষদসকল তথা অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
ঠিকাদাৰক সকিয়নী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ, কিন্তু কিয়

0 Comments:
Post a Comment