প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৫৫ হাজাৰ গৃহৰ গৃহ প্ৰৱেশৰ শুভাৰম্ভণী কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহানৰ


গুৱাহাটী,১৭ মে' : গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাৰত চৰকাৰৰ কৃষি আৰু কল্যাণ তথা গ্ৰামীণ বিকাশ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) অধীনত নৱনিৰ্মিত ৫৫ হাজাৰ গৃহৰ আনুষ্ঠানিকভাৱে গৃহ প্ৰৱেশৰ শুভাৰম্ভ কৰে। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি অসমৰ বাবে নতুন ৩,৭৬,০৭৫ টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) গৃহৰ অনুমোদন পত্ৰ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে। অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, মন্ত্রী অতুল বৰা, সাংসদ বিজুলী কলিতা মেধিসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment