সাংসদ দিলীপ শইকীয়ালৈ 'সংসদ ৰত্ন বঁটা', উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাংসদ


গুৱাহাটী,১৮ মে' : বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ২০২৫ চনৰ ‘‘সংসদ ৰত্ন বঁটা’’ৰ বাবে মনোনীত কৰা হৈছে। ৰাষ্ট্ৰীয় অন্যান্য পিছপৰা আয়োগৰ অধ্যক্ষ হংসৰাজ গঙ্গাৰাম অহিৰৰ নেতৃত্বাধীন জুৰীৰ বৰ্ডে দিলীপ শইকীয়াৰ নাম এই বঁটাৰ বাবে মনোনীত কৰে। উল্লেখ্য যে ‘'প্ৰাইম পইণ্ট ফাউণ্ডেছন'-এ ২০১০ চনৰ পৰা ‘‘সংসদ ৰত্ন বঁটা’’ প্ৰদান কৰি আহিছে। এই বঁটা লাভ কৰা দিলীপ শইকীয়াই হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ। চলিত বৰ্ষত লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ১৭ গৰাকী সাংসদে এই বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে। ভাৰতৰ সংসদীয় ৰাজনীতিত অতি সভ্ৰান্ত বঁটা হিচাপে পৰিচিত ‘সংসদ ৰত্ন বঁটা’ লাভ কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে সাংসদ দিলীপ শইকীয়াক আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰে। উল্লেখ্য যে ১৭ গৰাকী সাংসদৰ লগতে সংসদৰ দুটাকৈ স্থায়ী সমিতিকো এই বঁটাৰ বাবে মনোনীত কৰা হৈছে। এই কমিটি দুটা হ’ল 'ষ্টেডিং কমিটি অন ফাইনেন্স' আৰু 'ষ্টেডিং কমিটি অন এগ্ৰিকালছাৰ'। আনহাতে এই বঁটাৰ বাবে মনোনীত সাংসদসকল হ’ল ভৰ্ত্রূহৰি মহতব, এন কে প্ৰেমচন্দ্ৰন, চুপ্ৰিয়া চুলে, শ্ৰীৰংআপ্পা বাৰনে, স্মিতা উদয় ৱাঘ, অৰবিন্দ গনপট স্বাৱন্ত, নৰেশ গনপট মহস্কে, প্ৰফেচাৰ গায়কোৱাড বৰ্ষা একনাথ, ড॰ মেধা বিশ্ৰাম কুলকাৰ্ণী, প্ৰবীণ পেটেল, ৰবীন্দ্ৰ কীষাণ শুক্লা, ড॰ নিশিকান্ত ডুবে, বিদ্যুৎ বৰণ মহাত, পি পি চৌধুৰী, মদন ৰাথৌৰ আৰু চি এন আন্না দুৰাই।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment