দেশ বিৰোধী কাৰ্যকলাপত জড়িত চক্ৰ উৎখাত অসম আৰক্ষীৰ


গুৱাহাটী,১৭ মে' : চিম লৈ চাইবাৰ ক্ৰাইম আৰু দেশ বিৰোধী কাৰ্যকলাপ জড়িত চক্ৰ উৎখাত অসম আৰক্ষীৰ। ঘটনা সন্দৰ্ভত ৰাজস্থান, তেলেংগানা আৰু অসমৰ ধুবুৰীৰ পৰা ৭ জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৪জনক আটক কৰা হৈছে। শনিবাৰে উলুবাৰীস্থ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙে কয়, "ভুৱা নামত ছীম কাৰ্ড ওলোৱা চক্ৰটোৱে চাইবাৰ অপৰাধ সংঘটিত কৰি আহিছে। আনকি হোৱাটছ এপ খুলিবলৈ প্ৰয়োজন হোৱা অʼ টি পি চক্ৰটোৱে পাকিস্তানলৈও প্ৰেৰণ কৰাৰ তথ্য পোৱা গৈছে।" এই সন্দৰ্ভত তদন্তত অধিক তথ্য ওলাব বুলি সদৰী কৰি সঞ্চালক প্ৰধান সিঙে কয় যে ভাৰতীয় সেনাৰ গজৰাজ মিলিটাৰী চোৰাংচোৱাৰ খবৰৰ আধাৰত বিশেষ শাখা আৰু বিশেষ টাক্স ফʼৰ্চে অপাৰেচন ঘোষ্ট চিম (GHOST SIM) নামেৰে ভুৱা ছীম কাৰ্ডৰ বেহা চলোৱা চক্ৰৰ বিৰুদ্ধে অভিযানৰ পৰিকল্পনা  কৰে। ১৪ মে'ত STF ৬১(২)/১৪৭/১৪৮/৬২ BNS, ধাৰা ১৮ UA(P) Act আৰু IT Act-ৰ ৬৬ ধাৰাৰ অধীনত ২/২০২৫ নম্বৰত এটি গোচৰ ৰুজু কৰি ১৬ মে'ত অপাৰেচন ঘোষ্ট চিম অভিযান আৰম্ভ কৰে। এই অভিযানত ৰাজস্থান আৰু তেলেংগানালৈ এটাকৈ দল প্ৰেৰণ কৰিছিল। একেদৰে অসমৰ ধুবুৰী আৰু মৰিগাঁৱলৈও একোটাকৈ দল প্ৰেৰণ কৰা হয়। এই দল সমূহৰ অভিযানত অৱশেষত ৰাজস্থানৰ পৰা ছাদ্দিক, আৰিফ খান, ছাজিদ নামৰ লোক কেইজনক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে গুৱাহাটীৰ বৰঝাৰৰ বিমানবন্দৰৰ পৰা ৰাজস্থানৰ অকীক নামৰ এজন ব্যক্তিক আৰু নতুন দিল্লীৰ বিমানবন্দৰ পৰা ৰাজস্থানৰ আৰ্চাদ খানক গ্ৰেপ্তাৰ কৰা হয়। ইপিনে, বিশেষ টাক্স ফʼৰ্চে তেলেংগানাৰ পৰা মফিজুল ইছলাম আৰু ধুবুৰীৰ বিলাসীপাৰাৰ পৰা জাকাৰীয়া আহমেদক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত অধিক সোধাপোছাৰ বাবে ধুবুৰীৰ পৰা আন ১৪ জন লোকক বিশেষ টাক্স ফʼৰ্চে আটক কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পৰা টাক্স ফʼৰ্চে ৯৪৮ খন ছীম কাৰ্ড জব্দ কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment