মুখ্যমন্ত্রীক দুটা এছ আই টি গঠন কৰাৰ প্ৰত্যাহ্বান সাংসদ গৌৰৱ গগৈৰ


নতুন দিল্লী,২১ মে' : আজি এখন সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মনেসজা, ভিত্তিহীন ব্যক্তিগত আক্ৰমণ, ৰাজনৈতিক নাটক আৰু অপপ্ৰচাৰৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে স্পষ্টভাৱে এই ভিত্তিহীন দাবীসমূহ নস্যাৎ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহবান জনায়। ২০২৫ৰ ফেব্ৰুৱাৰীৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে নিয়মিতভাৱে সাংসদ গৌৰৱ গগৈক "আই এছ আইৰ দ্বাৰা প্ৰশিক্ষিত" বুলি অভিযোগ কৰি আহিছে, যি এটা হাস্যকৰ, ভিত্তিহীন আৰু নিৰৰ্থক দাবী। যদি এনে কোনো প্ৰমাণ আছে, তেন্তে মুখ্যমন্ত্ৰীয়ে তাক তৎক্ষণাৎ সৰ্বসাধাৰণৰ আগত প্ৰকাশ কৰক। ছেপ্টেম্বৰ ১০ তাৰিখৰ সময়সীমা মাথোঁ নিজৰ কৰ্তব্য আৰু জনগণৰ পৰা পলায়নৰ এক অপচেষ্টা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ অনা  'আই এছ আই প্ৰশিক্ষণ’ৰ অভিযোগৰ প্ৰত্যুত্তৰ দি সাংসদ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ এই অভিযোগ "অবাস্তৱ, হাস্যকৰ আৰু উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ"। সাংসদগৰাকীয়ে দুটা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। তেওঁ কয় যে দুটা এছআইটি গঠন কৰি এটাৰে তেওঁৰ ওপৰত আৰু আনটোৰে মুখ্যমন্ত্ৰীয়ে নিজৰ অতীতৰ কাৰ্যকলাপৰ ওপৰত তদন্ত কৰিলেই সকলো জলজল পটপট হৈ পৰিব। সাংসদ গগৈয়ে স্পষ্টকৈ উল্লেখ কৰে যে ২০১৪ চনত তেওঁ সংসদলৈ নিৰ্বাচিত হোৱাৰ পিছতে প্ৰচলিত নিয়ম-নীতি অনুসৰি নিজৰ ব্যক্তিগত পাৰ্চপোৰ্ট কেন্দ্ৰীয় চৰকাৰক জমা দিছে, কূটনৈতিক পাছপ’ৰ্ট লাভ কৰিছিল । কেন্দ্ৰীয় চৰকীৰ সংশ্লিষ্ঠ বিভাগৰ ওচৰত সকলো  বিতং তথ্য জমা আছে । তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে অনা ভিত্তিহীন অভিযোগ সমূহ "মচলা ৰাজনীতি"। আমাৰ মুখ্যমন্ত্ৰী য়ে জনা ভাল যে অসমৰ জনগণ তেওঁতকৈ জ্ঞানী়।তেওঁ কয়, "মই তৰুণ গগৈৰ পুত্ৰ। মোৰ ভয় নাই। সত্যই প্ৰাধান্য পাব।" গগৈয়ে আৰু অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ পিছতো বিজেপিৰ ইতিহাসত বহুবাৰ পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ উন্মেষ ঘটিছে। ২০০৫ চনত এল কে আদৱানীয়ে পাকিস্তান ভ্ৰমণ কৰি জিন্নাৰ প্ৰশংসা কৰিছিল। ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ বুদ্ধিজীৱী বেদ প্ৰতাপ বৈদিকে ২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈয়দক সাক্ষাৎ  কৰিছিল। ২০১৬ চনৰ পাঠানকোট আক্ৰমণৰ পিছতো পাকিস্তানী তদন্তকাৰী দল এটাক বায়ুসেনাৰ ঘাটিটোত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল, য’ত আই এছ আইৰ এজন বিষয়াও উপস্থিত আছিল। সাংসদ গৌৰৱ গগৈয়ে কয় যে পাকিস্তানৰ ক্ষেত্ৰত তেওঁৰ স্থিতি সদায় ভাৰতীয় দেশাত্মবোধেৰে পৰিচালিত আৰু তথ্যসমৃদ্ধ। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় মঞ্চত তেওঁ বাৰে বাৰে পাকিস্তানৰ সামৰিক আৰু সন্ত্ৰাসবাদী মিত্ৰতাৰ বিৰুদ্ধে মাত মাতি আহিছে। সাংসদ গগৈয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে এতিয়া হতাশগ্ৰস্ত হৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি থকা অসমবাসী ৰাইজৰ আন্তৰিক শ্ৰদ্ধা, মৰম আৰু মৰম নাইকীয়া কৰি তেওঁৰ বদনাম কৰি তেখেতৰ  লিগেচীক নি শেষ কৰিব বিচাৰিছে। যাৰবাবে প্ৰয়াত তৰুণ গগৈৰ কণ কণ নাতি-নাতিনীক টানি  আনিও ৰাজনীতি কৰিবলৈ এৰা নাই। কিন্তু গগৈ পৰিয়ালে তাক লৈ ভয় কৰা নাই। আমাৰ ৰাইজৰ প্ৰতি উৎসৰ্গিত সেৱাৰ মনোভাৱ,মৰ্য্যদা,নিষ্ঠা আৰু সততা কেতিয়াও মচিব নোৱাৰে৷ "মই সত্যৰ পক্ষত থিয় দিবলৈ সাজু। যদি আপুনি তদন্ত কৰিব বিচাৰে, তেন্তে মই কওঁ - মোৰ বিৰুদ্ধে এটা এছ আই টি গঠন কৰা উচিত, আৰু আন এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গঠন কৰা উচিত। অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত দুয়োটা তদন্ত চলাওক।" সাংসদ গগৈয়ে লগতে  কয় যে- "যেতিয়া ৰাজ্যৰ শিক্ষক-চিকিৎসকে দৰমহা পোৱা নাই, স্কুল-চিকিৎসালয় ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে, যি সময়ত সমগ্ৰ ৰাজ্যৰ ওপৰত ঋণৰ বোজা বৃদ্ধি পাইছে আৰু ইফালে বিজেপিৰ ছত্ৰছায়াত ৰাজ্যত কয়লা ছিণ্ডিকেট আৰু ড্ৰাগছ মাফিয়া বৃদ্ধি পাইছে,  সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেৱল ব্যক্তিগত আক্ৰমণত ব্যস্ত হৈ পৰিছে।"

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment