যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা কেন্দ্ৰীয় চৰকাৰৰ, মুখ্যমন্ত্রীৰ কৃতজ্ঞতা


গুৱাহাটী,২২ মে' : অসমবাসীৰ বাবে ভাল খবৰ। ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে যোৰহাট আৰু মাজুলী সংযোগী দলংৰ বাবে নিবিদা মুকলি কৰিছে। বৃহস্পতিবাৰে ব্রহ্মপুত্ৰৰ ওপৰত বহু প্ৰতিক্ষিত যোৰহাট-মাজুলী দলঙৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে নিবিদা মুকলি কৰিছে। ৬.৮১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দুই-লেনযুক্ত দলং প্ৰায় ৬০০.৫১ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে আজি সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জনায়। সামাজিক মাধ্যমত প্ৰতিক্ৰিয়‍া ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে কয়, "অসমৰ বাবে সুখবৰ। ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে আজি বহু প্ৰতীক্ষিত ৬.৮১ কিলোমিটাৰ আৰু ২ লেনযুক্ত তথা ৬০০.৫১ কোটি টকাৰ আনুমানিক ব্যয়েৰে যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা প্ৰস্তুত কৰিছে। এই প্ৰাপ্তিৰ মুহূর্তত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীলৈ অসমবাসীৰ সপোন বাস্তৱিক ৰূপ দিয়াৰ ক্ষেত্রত সদিচ্ছামূলক প্রয়াসৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।"


দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ মুখ্যমন্ত্রীৰ :


আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্রী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। সাক্ষাতৰ পাছতে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে কয়, "গুৱাহাটী তথা অসমখনক আমি নব্য ৰূপেৰে সজাবলৈ চেষ্টা কৰিছোঁ৷ আপোনালোকক জনাবলৈ পাই ভাল লাগিছে যে অতি সোনকালে গুৱাহাটী ভাৰতৰ উল্লেখনীয় কেইখনমান মহানগৰৰ অন্যতম এখন হোৱাৰ দিশে গতি কৰিছে, য’ত আই আই টি, এইমছ আৰু এতিয়া আই আই এমৰ দৰে অনুষ্ঠান আছে। আজি কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে দিল্লীত এক ফলপ্ৰসূ আলোচনাত মিলিত হওঁ। উক্ত বৈঠকত আমি গুৱাহাটীত নতুন আই আই এম কেম্পাছ কাৰ্যকৰী কৰাৰ সময়সীমাৰ বিষয়ে আলোচনা কৰোঁ।"


নতুন দিল্লীত নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ : 


বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক উত্তৰ ব্লকৰ কাৰ্যালয়ত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক অসমৰ বৃদ্ধিৰ ট্ৰেজেক্টৰী আৰু ২০২৭-২০২৮ বৰ্ষৰ ভিতৰত ১০ লাখ কোটি টকাৰ জি এছ ডি পি নিৰ্মাণৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে সম্পদ সংগঠিত আৰু ৰাজহ আহৰণৰ বাবে লোৱা একাধিক পদক্ষেপৰ পিছতে অসমে দেশৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীক অৱগত কৰে। ইফালে কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে ৰাজ্যখনৰ লগতে সামগ্ৰিকভাৱে দেশৰ অৰ্থনীতিক শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লৈ আগন্তুক দিনত সকলো ধৰণৰ সহায় আৰু সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক সাক্ষাতৰ পিছতে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে কয়, "আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰি এক ফলপ্ৰসূ আলোচনাত মিলিত হওঁ। প্ৰকৃততে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰতিটো সাক্ষাততে আমি ধন্য হওঁ, এয়া আমাৰ বাবে সঁচাকৈয়ে সৌভাগ্যৰ কথা। অসমৰ বিকাশৰ ৰূপৰেখাক প্রাধান্য দি দ্ৰুতগতিত উন্নয়নেৰে সমৃদ্ধ হোৱা দেশৰ আন ৰাজ্যসমূহৰ ভিতৰত আমাৰ অসমে কেনেদৰে আত্মপ্ৰকাশ কৰিছে সেই বিষয়ত আলোচনাৰ লগতে ২০২৭-২০২৮ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ জি এছ ডি পি গঢ়ি তোলাৰ আমাৰ পৰিকল্পনাকো বৈঠকত আলোকপাত কৰা হয়।" এই আলোচনাৰ সময়ছোৱাত বিত্ত মন্ত্ৰালয় আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।



Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment