জালুকবাৰীত নৱনিৰ্মিত ৰাজ্যিক ভেষজ বিশ্লেষণাগাৰৰ উদ্বোধন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ


গুৱাহাটী,২৩ মে' : অসমৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিত এক গুৰুত্বপূৰ্ণ সংযোগজন হিচাপে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি জালুকবাৰীস্থিত অসম আয়ুৰ্বেদিক মহাবিদ্যালয় চৌহদত নৱনিৰ্মিত ৰাজ্যিক ভেষজ বিশ্লেষণাগাৰৰ শুভ উদ্বোধন কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনৰ খাদ্য সুৰক্ষা আৰু ঔষধ নিয়ন্ত্রণ আয়ুক্তালয়ে পৰিচালনা কৰিবলগীয়া এই বিশ্লেষণাগাৰে অসমৰ স্বাস্থ্যসেৱাৰ মানদণ্ড উন্নীত কৰাৰ লগতে ঔষধৰ গুণগত পৰীক্ষণৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিব। উল্লেখযোগ্য যে ২২ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে নিৰ্মিত এই আৰ চি চি ভৱনত ভূমি মহলাৰ লগতে দুটা মহলা সামৰি লোৱা হৈছে। ভূমি মহলাত সম্ভাষণ কক্ষ, নমুনা সংৰক্ষণ কক্ষ আৰু সুৰক্ষা বাহিনীৰ বাবে পৃথক কক্ষৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম মহলাত প্ৰশাসনিক কক্ষ আৰু অধিবেশন কক্ষ স্থাপন কৰা হৈছে, আনহাতে দ্বিতীয় মহলাত অত্যাধুনিক সঁজুলিৰে সুসজ্জিত গৱেষণাগাৰ স্থাপন কৰা হৈছে। এই গৱেষণাগাৰে ঔষধৰ গুণগত মান নিশ্চিত কৰাৰ লগতে নকল বা নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিশ্লেষণাগাৰটি উদ্বোধন কৰি প্ৰদান কৰা ভাষণত স্বাস্থ্যমন্ত্রী সিংহলে কয় যে বিশ্বমানৰ আন্তঃগাঁথনি আৰু সা-সঁজুলিৰে গঢ়ি তোলা এই ৰাজ্যিক ভেষজ বিশ্লেষণাগাৰ অসমৰ জনগণৰ বাবে নিৰাপদ আৰু মানসম্পন্ন ঔষধৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ। বছৰি প্ৰায় ৫০০০ টা ঔষধৰ নমুনা পৰীক্ষা কৰিব পৰা এই বিশ্লেষণাগাৰে মাথোঁ অসমৰে নহয়, উত্তৰ-পূবৰ আঠোখন ৰাজ্যকে ঔষধ পৰীক্ষণৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়া অসমে কলকাতা বা আন স্থানলৈ ঔষধৰ নমুনা পৰীক্ষাৰ বাবে পঠোৱাৰ প্ৰয়োজন নহব আৰু অসমতে নিজৰ প্ৰয়োজনীয় ঔষধৰ নমুনাসমূহ কম সময়ৰ ভিতৰতে বিশ্লেষণ কৰিব পাৰিব। এই পদক্ষেপে জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি থকা ৰাজ্য চৰকাৰৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত-সচিব পি অশোক বাবু, স্বাস্থ্যসেৱা সঞ্চালক উমেশ ফাংছ, আয়ুষ মিছন অসমৰ সঞ্চালক ইন্দ্ৰানসী দাস, খাদ্য সুৰক্ষা আৰু ঔষধ নিয়ন্ত্রণ প্ৰশাসনৰ সদ্য অৱসৰপ্ৰাপ্ত আয়ুক্ত অভিজিত বৰুৱাকে ধৰি অন্যান্য বিভাগীয় বিষয়ববীয়াসকল উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment