পেহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যুবৰণ কৰা ভাৰতীয় নৌসেনাৰ লেফটেনেণ্ট বিনয় নাৰৱালৰ বাসগৃহত মন্ত্রী কেশৱ মহন্ত
নিউজ ডেক্স,২৩ মে' : অসমৰ ৰাজহ-দুৰ্যোগ প্ৰশমন, বিজ্ঞান-প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই কাশ্মীৰৰ পেহলগামত যোৱা ২২ এপ্ৰিলত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যুবৰণ কৰা ভাৰতীয় নৌসেনাৰ লেফটেনেণ্ট বিনয় নাৰৱালৰ হাৰিয়ানাৰ কৰ্নালৰ ছেক্টৰ-৭ স্থিত বাসগৃহত আজি উপস্থিত হৈ অসম চৰকাৰৰ হৈ শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। মন্ত্ৰী মহন্তই শ্বহীদ বিজয় নাৰৱালৰ পিতৃ ৰাজেশ নাৰৱাল, ককাক হাৱা সিং, মাতৃ আশা নাৰৱাল আৰু ভগ্নী সৃষ্টি নাৰৱালক দেখা কৰি অসম চৰকাৰৰ আনুষ্ঠানিক শোকবাৰ্তা সম্বলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পত্ৰ আৰু অসম চৰকাৰৰ ফালৰ পৰা পৰিয়ালটিলৈ আগবঢ়োৱা পাঁচ লাখ টকাৰ চেক প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে আজি কৰ্নালত শ্বহীদগৰাকীৰ পৰিয়ালক দেখা কৰাৰ সময়ত অসম চৰকাৰৰ মীন আৰু আৱকাৰী বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰ আৰু কৰ্নালৰ সদৰ মহকুমা দণ্ডাধীশ অনুভৱ মেহতাও উপস্থিত থাকে।


0 Comments:
Post a Comment