ইউৰোপিয়ান হেমাট'লজী এছ'চিয়েশ্বনৰ আলোচনা-চক্ৰত খ্যাতিসম্পন্ন ৰক্ত ৰোগ বিশেষজ্ঞ ডাঃ পবিত্ৰ কুমাৰ গগৈ
গুৱাহাটী,৩০ মে' : আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰক্ত ৰোগ বিশেষজ্ঞ, অধ্যাপক ডাঃ পবিত্ৰ কুমাৰ গগৈক ইটালীৰ মিলানত অনুষ্ঠিত হ'বলগীয়া ইউৰোপিয়ান হেমাট'লজী এছ'চিয়েশ্বনৰ সভালৈ আমন্ত্ৰণ জনোৱা হৈছে। ১২ জুনৰ পৰা ১৫ জুনলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই সভাত এগৰাকী বিশেষজ্ঞ হিচাপে ডাঃ পবিত্র গগৈয়ে অংশ গ্ৰহণ কৰিব। ইণ্ডিয়ান ছ'চাইটী অৱ হেমাট'লজী এণ্ড ব্লাড ট্রান্সফিউচন নামৰ সংস্থাৰ প্ৰাক্তন সভাপতি তথা ইণ্ডিয়ান ছ'চাইটী হেমাট'লজী এণ্ড ট্রান্সফিউচন মেডিচিনৰ উত্তৰ-পূৱ চেপ্টাৰৰ বৰ্তমানৰ সভাপতি ডাঃ পবিত্ৰ কুমাৰ গগৈক ৰক্তৰ বিভিন্ন ৰোগ সন্দৰ্ভত তথ্য আদান-প্ৰদানৰ বাবে সভাখনলৈ আমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক্লিনিকেল হেমাট'লজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডাঃ গগৈয়ে দেশ-বিদেশৰ বিভিন্ন উচ্চস্তৰৰ অক্সফৰ্ড, কেমব্রীজ আৰু লণ্ডন ইউনিভাৰচিটিৰ চিকিৎসা বিজ্ঞানৰ শৈক্ষিক প্ৰতিষ্ঠানত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট। ইতিপূর্বে দেশ-বিদেশৰ বহু সভা তথা সন্মিলনত তেওঁ নিজৰ অভিজ্ঞতা ব্যক্ত কৰাৰ কৃতিত্ব অর্জন কৰিছে। ইউৰোপিয়ান হেমাট'লজী এছ'চিয়েশ্বনে আয়োজন কৰা "Newer findings, therapy in Chronic Myeloid Leukaemia, Myeloma and Lymphoma" শীর্ষক আলোচনা চক্ৰত ডাঃ পবিত্র গগৈয়ে ভাৰতবৰ্ষত ব্লাড কেন্সাৰৰ চিনাক্তকৰণ আৰু চিকিৎসা সম্পর্কে নিজৰ অভিজ্ঞতা ব্যক্ত কৰিব। তদুপৰি ৰক্ত ৰোগৰ আন আন বিভিন্ন ৰোগৰ সন্দৰ্ভত ডাঃ গগৈয়ে আলোচনা কৰিব। উল্লেখ্য যে ইউৰোপিয়ান হেমাট'লজী এছ'চিয়েশ্বনে অলপতে ডাঃ পবিত্র গগৈক অতি সন্মানীয় "Professor Emeritus" সন্মানেৰে সন্মানিত কৰিছে। এই সন্মান লাভ কৰা ডাঃ পবিত্র গগৈ প্ৰথমগৰাকী ভাৰতীয় হেমাট'লজিষ্ট।

0 Comments:
Post a Comment