লখিমপুৰত ৰঙানদীৰ বীভিষিকা : চৌদিশে হাহাকাৰ, প্ৰাণ গ'ল দুজনৰ
লখিমপুৰ,৩১ মে’ : আজি পুৱতি নিশা নীপকো সৃষ্ট প্ৰলয়ঙ্কৰী বানে লখিমপুৰত এক বিভীষিকাময় পৰিস্থিতিৰ কৰিলে। সংহাৰী বানে ৰঙানদী মথাউৰি চাৰি ঠাইত বিছিন্ন কৰাৰ লগতে দুজন লোকৰ প্ৰাণ কাঢ়ি নিয়ে৷ ৰঙানদীৰ বানে নাওবৈচাৰ লগতে আমতলা অঞ্চলটো বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ নিপকো কৰ্তৃপক্ষই ৰঙানদী প্ৰকল্পৰ পৰা ৰঙানদীৰ বুকুত এৰি দিয়া পানীৰ বাবেই আজি লখিমপুৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । আজি পুৱতি নিশা প্ৰায় ৩ বজাত হঠাতে অহা বানে পহুমৰা-চিলনীবাৰী সংযোগী পথৰ ওপৰেৰে প্ৰায় ৫০০ মিটাৰ এলেকাৰে পানী বাগৰি সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। ৰঙানদীৰ বানে নিমিষতে বহু লোকৰ ঘৰ দুৱাৰ উটুৱাই নিয়াৰ লগতে পহুমৰা মাজগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ ফলত যাতায়াত ব্যাহত হৈ পৰে৷ পথৰ দুয়োমুৰে শ শ যানবাহন আবদ্ধ হৈ পৰাৰ লগতে সমগ্ৰ অঞ্চলটোত হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হয়৷ হঠাতে পুৱতি নিশা অহা বানে শ শ লোকৰ ঘৰ দুৱাৰ বুৰাই পেলোৱাত তেওঁলোকে ঘৰৰ কোনো সা-সম্পদ ৰক্ষা কৰিব নোৱাৰিলে৷ বানাক্ৰান্ত লোকসকলে ৰাষ্ট্ৰীয় ঘাইপথত কোনোমতে আশ্ৰয় লৈ প্ৰাণ বচোৱাৰ বিপৰীতে পোহনীয়া জীৱজন্তুকে ধৰি কোনো বয় বস্তুৱেই বানৰ পৰা বচাব নোৱাৰি কান্দোনত ভাগি পৰিছে৷ ইয়াৰ মাজতে এছ ডি আৰএফ বাহিনীৰ লগতে আৰক্ষী আৰু বনবিভাগৰ লোকেও উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰি দুৰ্গত লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে৷ লক্ষণীয় কথা যে ৰঙানদী বানৰ প্ৰৱল সোতে আজি এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলোৱাৰ সময়ত ৮ জন লোকক পানীৰ সোতে নাও সহ উটুৱাই নিবলৈ ধৰে যদিও বাহিনীটোৱে অতি কৌশলেৰে আটাইকেইজন লোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়৷ ইফালে ৰঙানদীৰ বানে আমতলাতো মথাউৰি চিঙি প্ৰৱল বানৰ সৃষ্টি কৰে৷ নগৰ গাঁৱত ৰঙানদীৰ বানে কেবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই নিয়াৰ লগতে বানৰ কবলত পৰি ৰাজকুমাৰ টাইড নামৰ লোকজন মৃত্যু মুখত পৰে৷ তেনেদৰে পহুমৰাতো আজি ৰঙানদীৰ বানত বিৰেন ওৰফে মনোৰঞ্জন পাৱে নামৰ এজন লোকৰো মৃত্যু হয়৷ বাতৰি লিখা পৰলৈকে লখিমপুৰ জিলা প্ৰশাসনে বানাক্ৰান্ত লোকসকলক বান সাহায্য বিতৰণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে ৰঙানদীত নীপকোৱে পানী এৰি দিয়া কাৰ্য সন্দৰ্ভত পূৰ্বে নদীপৰীয়া লোকসকলক সতৰ্ক কৰি নিদিয়া বুলিও অভিযোগ উত্থাপিত হৈছে৷ নীপকোৱে যোৱানিশা তিনিখন গেটেৰে প্ৰথমে ৬ হাজাৰ আৰু পিছত ৮ হাজাৰ এম এম পানী এৰি দিয়াৰ ফলতে নামনিত প্ৰৱল বানৰ সূচনা হয়৷ আজি এই বানৰ তাণ্ডৱত পহুমৰা-কিমিন পথতপানী বাগৰাৰ ফলত বহু পকী গৃহ বিধ্বস্ত হোৱাৰ লগতে পানীয়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰে৷ ৰঙানদীৰ বানে শতজান পক্ষী উদ্যান খন বুৰাই পেলোৱাত ইয়াৰ আপুৰুগীয়া মাছ-কাছ সমূহ বাহিৰলৈওলাই যোৱাৰ লগতে পক্ষী উদ্যানখনৰ বিস্তৰ ক্ষতি সাধন কৰে৷

0 Comments:
Post a Comment