ধুমুহাত বিস্তৰ ক্ষতি : চলন্ত বাহনৰ ওপৰত পৰিল প্ৰকাণ্ড গছ, কথমপি প্ৰাণ ৰক্ষা কেবাজনৰ


লখিমপুৰ,৭  মে’ : লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত আজি বিয়লি হঠাতে অহা এজাক প্ৰচণ্ড ধুমুহা বতাহে এই অঞ্চলবোৰত বিস্তৰ ক্ষতি সাধন কৰে৷  বিশেষকৈ লখিমপুৰ জিলাৰ নাওবৈচা, দলহাট তিনিআলি, লালুকৰ লগতে অসম অৰুণাচল সীমান্তৱৰ্তী কাছজুলি, ঢেকীয়াজুলিকে ধৰি এক বিস্তীৰ্ণ অঞ্চলৰ ৰাইজৰ ঘৰ দুৱাৰ, গছ-গছনি ভাঙি চিঙি চূৰমাৰ কৰে৷ ধুমুহা বতাহৰ ফলত বহু ঠাইত বিদ্যুতৰ খুঁটা উভালি পৰাৰ লগতে ধুমুহাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলহাট তিনিআলিত চলন্ত গাড়ী, বাইকৰ ওপৰতে প্ৰকাণ্ড গছ বাগৰি পৰে৷ এই ঘটনাত কেবাজনো লোকৰ দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে৷ ধুমুহাৰ পিছতে সমগ্ৰ অঞ্চলটোত বিদ্যুৎ ব্যাহত হৈ পৰাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গছ বাগৰি তীব্ৰ যানজঁটৰ সৃষ্টি কৰে৷ ইফালে লালুকৰ সমীপৱৰ্তী অসম-অৰুণাচল সীমান্তৱৰ্তী কাছজুলিত এঘৰত ৰখাই থোৱা এখন বিলাসী বাহনৰ ওপৰত গছ বাগৰি পৰাত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment