ভাৰত-পাকিস্তানৰ যুদ্ধ : লখিমপুৰত হঠাত বাজিল চাইৰেন, যুদ্ধৰ সময়ত ল'ব লগা সাৱধানতাৰ বাবে প্ৰশাসনৰ ম'কড্ৰিল
লখিমপুৰ,৭ মে' : সমগ্ৰ দেশৰ লগতে লখিমপুৰৰ নগৰতো আজি হঠাত বাজি উঠিল দীঘলীয়া চাইৰেন। চাইৰেন বজাৰ লগে লগে আৰম্ভ হ'ল যুদ্ধৰ সময়ত সাধাৰণ নাগৰিকে ল'ব লগা সাৱধানতা আৰু চৰকাৰী উদ্ধাৰ অভিযানত ৰাইজৰ সহযোগীতাৰ ম'কড্ৰিল। প্ৰায় এক ঘন্টা সময় ধৰি চলা এই ম'কড্ৰিলত জিলা প্ৰশাসন, আৰক্ষী বিভাগ, এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰ পি এফ, চিভিল ডিফেঞ্চ, এন চি চি, ৰেডক্ৰচ ছ'চাইটিৰ লখিমপুৰ জিলা শাখাকে ধৰি কেইবাটাও বেচৰকাৰী সংস্থাই অংশগ্ৰহণ কৰে । উল্লেখ্য যে ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ২৬ গৰাকী নিৰিহ লোকক গুলীয়াই হত্যা কৰিছিল । তাৰ পাছতে ভাৰত চৰকাৰৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে লখিমপুৰ জিলাৰ সদৰতো ডি কে ৰোডৰ বিশাল মেগামাৰ্টৰ সন্মুখৰ পথত ম'কড্ৰিলৰ জৰিয়তে ৰাইজক সজাগতাৰ ব্যৱস্থা কৰে প্ৰশাসনে । প্ৰশাসনৰ এই কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীৰ লগতে বৃহৎ সংখ্যক লোকে অংশ গ্রহন কৰে । প্ৰশাসনৰ এই কাৰ্যসূচীত লখিমপুৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, জিলা আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া , জিলা দুৰ্যোগ প্ৰসমন বিভাগ আদি উপস্থিত থাকি ৰাইজক যুদ্ধৰ সময়ত ৰাইজে নিজকে কেনেকৈ নিৰপদে ৰাখিব , দুৰ্গত লোকক কেনেদৰে উদ্ধাৰ কৰিব লাগিব সেই সন্দৰ্ভত সজাগতাৰ প্ৰয়াস কৰে ।

0 Comments:
Post a Comment