গুৱাহাটী,২ জুন : আজি গুৱাহাটীৰ কইনাধৰাত অসম আৰু মেঘালয়ৰ আন্ত:ৰাজ্যিক কেইবাটাও বিষয়ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আলোচিত মুখ্য বিষয়সমূহৰ সন্দৰ্ভত কয় যে অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে পাৰস্পৰিক সমিলমিলেৰে আগবাঢ়ি যোৱাত প্ৰাধান্য দি কাম কৰিব লাগিব। অসম আৰু মেঘালয়ে কুলসী জলসিঞ্চন প্ৰকল্পৰ বিকাশ ঘটাই আমাৰ কৃষকসকলক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব, যিটোৰ বাবে অসম চৰকাৰে পুঁজি আগবঢ়াব। স্থানীয় জনসাধাৰণৰ সৈতে হোৱা আলোচনাৰ অন্তত দুয়োখন ৰাজ্যই যৌথভাৱে ৫৫ মেগাৱাটৰ কুলসী শক্তি প্ৰকল্প নিৰ্মাণ কৰিব। সমাধান কৰা ৬টা সীমা বিবাদৰ ভিতৰত কিছু সৰু সৰু সমস্যা আছে, যিবোৰ সংশ্লিষ্ট পক্ষৰ মাজত আলোচনা আৰু সীমা চিহ্নিত হোৱাৰ পাছত অতি সোনকালে নিষ্পত্তি হ’ব। বাকী ৬টা বিবাদিত স্থান পাৰস্পৰিকভাৱে সমিলমিলেৰে নিৰ্ধাৰিত সময়ত সমাধান কৰা হ’ব। দুয়োখন ৰাজ্যই গুৱাহাটীৰ নগৰীয়া বান সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ সন্মত হয়, যাৰ ফলত দুয়োখন ৰাজ্যই লাভৱান হ'ব। বানপ্ৰৱণ এলেকাৰ সঠিক উপগ্ৰহ মেপিং কৰিবলৈ নেছাকক অৰ্পণ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰা হয়। যাৰ পৰৱৰ্তী পৰ্যায়ত আই আই টি ৰুৰকিক এই সমস্যাৰ নিৰ্দিষ্ট সমাধানৰ পৰামৰ্শ দিবলৈ অনুৰোধ জনোৱা হ'ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।
গুৱাহাটীৰ কৃত্রিম বানপানীৰ সমস্যাকে ধৰি কেইবাটাও বিষয়ত মেঘালয়ৰ মুখ্যমন্ত্রীৰে অসমৰ মুখ্যমন্ত্রীৰ বৈঠক

0 Comments:
Post a Comment