বৰষুণৰ পানী ভূগৰ্ভৰ গভীৰতালৈ নিয়াৰ প্ৰক্ৰিয়া আছে বিল্ডিং উপ-বিধিত : কিন্তু কেনেকৈ

গুৱাহাটী,১ মে'


: ভয়াৱহ কৃত্রিম বানৰ কৱলত ৰাজধানী চহৰ গুৱাহাটী মহানগৰী। বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত জলমগ্ন হৈ পৰিছে মহানগৰীৰ বিস্তৃৰ্ণ অঞ্চল। এক কথাত ব্যাহত হৈ পৰিছে গুৱাহাটীৰ স্বাভাৱিক জীৱনযাত্রা। আজি পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। লক্ষণীয় বিষয় যে এজাক বৰষুণ দিলেই জলমগ্ন হৈ পৰে ৰাজধানী চহৰ গুৱাহাটী মহানগৰী। বৰষুণৰ পানী ওলাই নিয়া নাইবা সংৰক্ষণ কৰাৰ বিশেষ ব্যৱস্থা নথকাৰ বাবেই এজাক বৰষুণত সহজতে জলমগ্ন হৈ পৰে গুৱাহাটী। কিন্তু এটা কথা বহুতে নাজানে যে গুৱাহাটীত নিৰ্মাণ হোৱা বৃহৎ বৃহৎ অট্টালিকাত বৰষুণৰ পানী ভূগৰ্ভত সংৰক্ষিত কৰাৰ প্ৰণালী আছে যদিও এই প্ৰক্ৰিয়াটোত বিভিন্ন আসোঁৱাহ থকাৰ বাবে ইয়াৰ সুফল পৰিলক্ষিত হোৱা নাই। এই আসোঁৱাহ সমূহ দূৰ কৰি বাস্তৱত এই প্ৰণালী কাৰ্যকৰী কৰাৰ বাবে ইয়াৰ খচৰা প্ৰস্তুতৰ কাম কৰি থকা হৈছে। চৰকাৰী নিৰ্দেশনাত এই কাম কৰি আছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই। এই সন্দৰ্ভত 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই কয়, "গুৱাহাটী মহানগৰীত বিল্ডিং উপ-বিধি (Appendix VI) অনুসৰি বিভিন্ন অট্টালিকা নিৰ্মাণত বৰষুণৰ পানী সংৰক্ষণ প্ৰণালী কাৰ্যতঃ ফলপ্ৰসু হোৱা নাই। ইয়াৰ কাৰণ হৈছে যে ইয়াৰ নীতিসমূহ ভুলকৈ প্ৰযোজ্য কৰা হৈছে আৰু যাৰ বাবে বাস্তৱত আশা কৰা ফলাফল লাভ কৰাত ব্যৰ্থ হৈছে। এই উপ-বিধিৰ নিয়মসমূহ বিগত ১০ বছৰ ধৰি কাৰ্যকৰী হৈ আছে আৰু ইয়াৰ বাবে আন্তঃগাঠনি যথেষ্ট খৰচ কৰি নিৰ্মাণ কৰা হৈছে যদিও মাটিৰ তলত পানী সংৰক্ষণ কৰাৰ মুখ্য উদ্দেশ্যত সফলতা লাভ কৰা হোৱা নাই। সেয়ে এই নীতিসমূহ পুনৰ মূল্যায়ন আৰু উপযুক্ত বৈজ্ঞানিক সংশোধনীৰে অন্তৰ্ভুক্ত কৰিব লাগে।"

গুৱাহাটীৰ কৃত্রিম বানপানীৰ প্ৰসংগৰে শৰ্মাই কয়, "বৰ্তমান গুৱাহাটীত হোৱা ভয়াৱহ বানপানী আৰু আৱদ্ধ পানীয়ে প্ৰমাণ কৰে যে বিপুল পৰিমাণৰ বৰ্ষাৰ পানী ভূগৰ্ভৰ গভীৰতালৈ যাব নোৱাৰাৰ বাবে মাটিৰ ওপৰত জমা হৈ পৰিছে আৰু ইয়াৰ ফলত আৱদ্ধ পানীৰ সমস্যটো অধিক গুৰুতৰ হৈ পৰিছে। বৰষুণৰ পানী ওলাই যোৱাৰ দুটা প্ৰক্ৰিয়া আছে। এটা হৈছে যথাযথ ড্ৰেইনেজ নেটৱৰ্কৰ যোগেদি নিয়মিত বৃষ্টিপাতৰ পানী ওলাই গৈ উৎসত পৰে। ‌আনটো হৈছে ভূগৰ্ভৰ বালিৰ লেয়াৰত বৰষুণৰ পানী সংৰক্ষণ হোৱাৰ ব্যৱস্থা। বৰষুণৰ পানী মাটিৰ তৰপৰ পৰা ভূগৰ্ভৰ বালিৰ তৰপলৈ লৈ যাব পাৰিলে মাটিৰ পানী সংৰক্ষণ আৰু বৃদ্ধি হ'ব পাৰে।"

শৰ্মাই লগতে কয়, "কৃত্রিম বানপানীৰ গুৰুত্বপূৰ্ণ এই বিষয়টো সন্দৰ্ভত নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে শেহতীয়াকৈ আলোচনা কৰা হৈছিল। নগৰাঞ্চলৰ বানপানীৰ প্ৰসংগত এই বিষয়টো আলোচনা কৰা হৈছিল আৰু মন্ত্রী জয়ন্ত মল্লবৰুৱাই এই বিষয়টোক যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। আলোচনাত হোৱা নিৰ্দেশনা অনুসৰি 'এৰিডা'ৰ অঞ্জু ভজনকাৰ নেতৃত্বত প্ৰযুক্তিগত উপ-কমিটিয়ে বিল্ডিং উপ-বিধিৰ পৰিশিষ্ট ছয়ৰ সংশোধনৰ খচৰা প্ৰস্তুত কৰাৰ কাম কৰি আছে। যাতে বিল্ডিংসমূহত প্ৰভাৱশালী বৰষুণৰ পানী সঞ্চয়ৰ সংৰচনা স্থাপন কৰিব পৰা যায়। এই ক্ষেত্রত আমি চুৰাতৰ অভিজ্ঞ ড০ ভাস্কৰ ভি ভট্টক যোগাযোগ কৰিছো। ড০ ভট্ট এই বিষয়ত এগৰাকী কৰ্তৃত্বশীল ব্যক্তি। ইয়াৰ লগতে আই আই টি গুৱাহাটীৰ লগতো যোগাযোগ কৰা হৈছে। ৰাইজৰ বৃহৎ স্বাৰ্থৰ বাবে যিমান শীঘ্ৰে পাৰি এই কাম সম্পূৰ্ণ কৰাৰ বাবে আমি তৎপৰ হৈ আছো।"


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment