ৰাজ্যসভাৰ নিৰ্বাচন : প্ৰাৰ্থী বাচনিকলৈ অগপৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক


গুৱাহাটী,৫ জুন : অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থী চূড়ান্তকৰণক লৈ আজি গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠক দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে। বৈঠকত আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। আনহাতে বৈঠকত ৰাজ্যখনত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি দলীয় সতীৰ্থসকলক বানপীড়িত ৰাইজৰ কাষত থিয় হ'বলৈ সভাপতি অতুল বৰাই আহ্বান জনায়। বৈঠকত সাংসদ ফণীভূষণ চৌধুৰী, সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য প্ৰমুখ্যে দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, সাধাৰণ সম্পাদক, সম্পাদক, ভাতৃ-ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ লগতে অন্যান্য বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়, "অগপৰ আজি বিষয়ববীয়া সভা অনুষ্ঠিত হয়। সভাত দুয়োগৰাকী সাংসদ আৰু বিধায়কসকলক নিমন্ত্রন জনোৱা হয়। ৰাজ্যৰ কেইবাখনো জিলাত বানপানী হৈছে। এইক্ষেত্রত দলৰ কৰ্মকৰ্তা সকলক দুৰ্গতৰ কাষত কেনেদৰে ঠিয় কৰাব পাৰো সেই সম্পৰ্কত আলোচনা কৰা হৈছে। স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সম্দৰ্ভত আলোচনা কৰা হয়। আনহাতে হৈ যোৱা পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো আলোচনা হৈছে। সন্মূখত ৰাজ্যসভাৰ নিৰ্বাচন আছে। মিত্রদল বিজেপিৰে আলোচনা কৰি আমি এখন আসন লাভ কৰিছো। মনোনয়ন দাখিলৰ অন্তিম দিন ৯ জুন। সেই সম্পৰ্কতো আজি আলোচনা কৰা হৈছে। দলৰ যথেষ্ট সংখ্যক কাৰ্যকৰ্তাই ৰাজসভাৰ প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিছে। এইক্ষেত্রত এখন কমিটী কৰি দিয়া হৈছে। দলৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু সাংসদ ফণীভূষণ চৌধুৰীকলৈ এখন কমিটী কৰি দিয়া হৈছে। কমিটীয়ে আবেদন কৰা সকলৰ লগত কমিটীয়ে মত-বিনিময় কৰিব। লগতে দলৰ জেষ্ঠ্যসকলৰ লগত মত-বিনিময় কৰা হ'ব। তাৰ পিছত এটা সিদ্ধান্ত লোৱা হ'ব। ২৬ জনীয়া তালিকা হ'ব পাৰে। বুজাবুজিৰ মাজেৰে প্ৰাৰ্থী বাচনি কৰা হ'ব।" উল্লেখ্য যে ৰাজ্যসভাৰ অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ সাংসদ মিছন ৰঞ্জন দাসৰ কাৰ্যকাল ১৪ জুনত সমাপ্ত হ'ব। খালী হ'বলগীয়া এই দুখন আসনৰ বাবে ১৯ জুনত অনুষ্ঠিত হ'ব নির্বাচন। মিছনৰঞ্জন দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ বিপৰীতে খালী হ'ব হোৱা আসনত হ’ব নির্বাচন। ইতিমধ্যে নির্বাচন আয়োগে জাৰি কৰা বিবৃতি অনুসৰি ৯ জুন মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। দহ জুনত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১২ জুন। ১৯ জুনত অনুষ্ঠিত হ'ব নিৰ্বাচন। লক্ষণীয় বিষয় যে বিৰোধী দলৰ হাতত ৰাজ্যসভাৰ আসন লাভ কৰিব পৰাকৈ সংখ্যা নাই। যাৰ বাবে দুয়োখন আসন বিজেপি মিত্রজোঁটে লাভ কৰাটো নিশ্চিত। ইতিমধ্যে ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচন সন্দৰ্ভত বিজেপি আৰু অগপ নেতৃত্বৰ মাজত আলোচনা অনুষ্ঠিত হৈ গৈছে। বিজেপিয়ে মিত্রদল অগপক এখন আসন এৰি দিছে। ইতিমধ্যে ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিয়ে ১৩ জনীয়া প্ৰাৰ্থী তালিকা দলৰ কেন্দ্ৰীয় কমিটীলৈ প্ৰেৰণ কৰিছে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment