ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনক বাসোপযোগী কৰি ৰাখিবলৈ ঐক্যবদ্ধ প্ৰয়াসৰ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ


গুৱাহাটী,৫ জুন : বিশ্ব পৰিৱেশ দিৱসত ৰাজ্যৰ চাৰিগৰাকী বিশিষ্ট বিজ্ঞানী, পৰিৱেশবিদ, পৰিবেশ আৰু প্ৰকৃতি সংৰক্ষণকৰ্মী তথা পৰিৱেশ সংবাদকৰ্মীক ২০২৪ বৰ্ষৰ 'পৰিৱেশ মিত্ৰ সন্মান' প্ৰদান কৰে ৰাজ্য চৰকাৰে। গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ অসম ৰাজ‍্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক) আৰু আই এ এছ টিৰ যৌথ উদ্যোগত আয়োজন কৰা ৫৩ সংখ্যক বিশ্ব পৰিৱেশ দিৱসত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই বিশিষ্ট বিজ্ঞানী, শিক্ষাবিদ তথা আগশাৰীৰ নদী বিশেষজ্ঞ, অধ্যাপক ড০ দুলাল চন্দ্ৰ গোস্বামীৰ লগতে  বন্যপ্ৰাণী সংৰক্ষক তথা পৰিৱেশবিদ জয়ন্ত কুমাৰ দাস, অধ্যাপক তথা পৰিৱেশবিদ জয়ন্ত কুমাৰ শৰ্মা আৰু পৰিৱেশ সাংবাদিকতাৰে জড়িত অগ্ৰণী পৰিৱেশকৰ্মী উত্তম কুমাৰ শইকীয়াক ৰাজ্য চৰকাৰৰ এই পৰিৱেশ-বিজ্ঞান বঁটাৰে  আনুষ্ঠানিক সন্মানিত কৰে। অৱশ্যে, শাৰীৰিক অসুস্থতাৰ বাবে বিশিষ্ট বিজ্ঞানী ড০ গোস্বামীয়ে আজিৰ অনুষ্ঠানত নিজে এই বঁটা গ্ৰহণ কৰিবলৈ আহিব নোৱাৰাৰ বাবে এছটেকৰ ফালৰ ঘৰত গৈ নদী প্ৰখ্যাত বিশেষজ্ঞগৰাকীক এই বঁটা প্ৰদান কৰিব। উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদীতন্ত্ৰ তথা নদীৰ ভূ-ৰূপ আৰু নদী গতিবিদ্যাৰ গৱেষণাৰে পৰিৱেশৰ সংৱৰ্দ্ধনৰ দিশত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে বিশিষ্ট বিজ্ঞানী তথা আগশাৰীৰ নদী বিশেষজ্ঞ, অধ্যাপক ড০ গোস্বামীলৈ ৰাজ্য চৰকাৰে ২০২৪ বৰ্ষৰ 'পৰিৱেশ মিত্ৰ সন্মান-২০২৪' আগবঢ়াইছে। একেদৰে, ওদালগুৰি জিলাৰ কলাইগাঁৱত জীৱ-বৈচিত্ৰ সংৰক্ষণৰ বাবে একক প্ৰচেষ্টাৰে ২০ একৰ মাটিত  'কনকলতা জীৱ-বৈচিত্ৰ উদ্যান' নামৰ মানৱসৃষ্ট অৰণ্য এখন গঢ়ি তোলা বিশিষ্ট বন্যপ্ৰাণী সংৰক্ষক তথা পৰিৱেশবিদ জয়ন্ত কুমাৰ দাস, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত থলুৱা পৰম্পৰাগত জ্ঞান চৰ্চাৰ লগতে পৰিৱেশ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ দিশত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে নগাঁৱৰ অধ্যাপক তথা পৰিৱেশবিদ জয়ন্ত কুমাৰ শৰ্মা আৰু পৰিৱেশ সংৰক্ষণ তথা পৰিৱেশ সাংবাদিকতাৰ লগতে কাজিৰঙাত বন্য-প্ৰাণীৰ সংৰক্ষণ-সুৰক্ষাৰে জড়িত হৈ অহা গোলাঘাটৰ সাংবাদিক তথা পৰিৱেশকৰ্মী উত্তম কুমাৰ শইকীয়াক এইবাৰৰ পৰিৱেশ মিত্ৰ  সন্মান প্ৰদান কৰা হয়। ইফালে, ৰাজ্যৰ চাৰিখন শিক্ষানুষ্ঠান মঙ্গলদৈ মহাবিদ‍্যালয়, ধেমাজি বালিকা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, বাক্সাৰ নিকাশীৰ মডাৰ্ণ ইংলিছ স্কুল আৰু উত্তৰ লখিমপুৰৰ বধাকৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইক’ ক্লাৱকো ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ ইক’ ক্লাৱ বঁটাৰে আজিৰ অনুষ্ঠানতে সন্মানিত কৰে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি বিভাগে। ৰাজ্যৰ ৪০০০খন শিক্ষানুষ্ঠানত গঠন কৰা ইক' ক্লাৱসমূহৰ মাজৰ পৰা এই চাৰিখন বিদ্যালয়ৰ ইক' ক্লাৱক শ্ৰেষ্ঠ ইক' ক্লাৱ ৰূপে বাচনি কৰা হয়। বঁটা প্ৰদান কৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে বঁটাপ্ৰাপককেইগৰাকীৰ লগতে শিক্ষানুষ্ঠান চাৰিখনক পৰিৱেশ সংৰক্ষণ-সংবৰ্দ্ধনৰ দিশত আগবঢ়োৱা অৱদানৰ লগতে তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ শলাগ লৈ অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী মহন্তই কয়, 'ভৱিষ্যতৰ মানৱ প্ৰজন্ম তথা জীৱকূলৰ বাবেও এখন প্ৰদূষণমুক্ত, সুৰক্ষিত, বাসোপযোগী পৃথিৱী এৰি থৈ যাব পৰাকৈ প্লাষ্টিক প্ৰদূষণ ৰোধৰ লগতে বনাঞ্চল ধ্বংস ৰোধ আৰু পৰিৱেশ সংৰক্ষণৰ দিশত আমি সকলোৱে ঐক্যবদ্ধ ভাৱে প্ৰয়াস চলোৱাৰ এতিয়া আৰু আন একো বিকল্প নাই।' অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰে সন্মানিত ৰাজ্যৰ বিশিষ্ট বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়াই এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু 'প্লাষ্টিক প্ৰদূষণ নিৰ্মূলন'ৰ লগতে বিজ্ঞান-প্ৰযুক্তিৰ মহত্বৰ বিষয়ে মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে। যোৰহাটৰ চিএছআইআৰ-নেইষ্টৰ মুখ্য বিজ্ঞানী ড০ শইকীয়াই ক্ৰমৱৰ্ধমান প্লাষ্টিক প্ৰদূষণে মানৱ সমাজ তথা জীৱকূললৈ কঢ়িয়াই অনা ভয়াবহ ভাবুকিৰ বিষয়ে উনুকিয়াই প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ বাবে প্লাষ্টিকজাত সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰি জৈৱ-প্লাষ্টিকৰ ব্যৱহাৰ আৰু তথা প্ৰাকৃতিক ভালে পচন যোৱা প্লাষ্টিক বিকল্পৰ উদ্ভাৱনত গুৰুত্ব আৰোপ কৰে। চিএছআইআৰ-নেইষ্টত ইতিমধ্যে এই বিষয়ত আশাব্যঞ্জক দিশত গৱেষণা আগবঢ়াৰ বিষয়ে উনুকিয়াই তেওঁ কয় যে কাৰ্বন নেন'টিউবৰ ব্যৱহাৰে আগন্তুক দিনত প্লাষ্টিকৰ বিকল্প উপলব্ধ কৰি তুলিব। আমেৰিকা, জাপান আৰু চীনে আনকি আগন্তক আঢ়ৈৰ পৰা পাঁচটা দশকৰ ভিতৰতে কাৰ্বন নেন'টিউৱৰ সহায়ত মহাকাশ জখলা (স্পেচ এলিভেটৰ) উদ্ভাৱনৰ বাবে লক্ষ্য স্থিৰ কৰি লোৱা বুলি দোহাৰি শান্তি স্বৰূপ ভাটনাগৰ বঁটাপ্ৰাপক বিশিষ্ট বিজ্ঞানীগৰাকীয়ে কাৰ্বন নেন'টিউৱৰ জড়িয়তে বিকল্প প্লাষ্টিকৰ উদ্ভাৱন বা জৈৱ-প্লাষ্টিকৰ ব্যৱহাৰৰ গৱেষণাক সময়ৰ দাবী বুলি অভিহিত কৰে। অনুষ্ঠানত অসম ৰাজ‍্যিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ‍্যা পৰিষদৰ সঞ্চালক ড০ জয়দ্বীপ বৰুৱা আৰু আইএএছএছটিৰ সঞ্চালক আশিক মুখাৰ্জীয়েও প্লাষ্টিক প্ৰদূষণে মানৱ সভ্যতালৈ অনা প্ৰত্যাহ্বানৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে। উল্লেখ্য যে, বিশ্বত ২০৪০ চনলৈ প্লাষ্টিকৰ প্ৰদূষণ ৫০লৈ শতাংশ বৃদ্ধি পাব বুলি ইতিমধ্যে বিজ্ঞানীসকলে আশংকা কৰিছে। এছটেকৰ সঞ্চালকগৰাকীয়ছ কয়, 'জীৱকূলৰ বাবে বিপদজনক কথাটো হৈছে যে আমি খোৱা খাদ্য, পানী আৰু আনকি উশাহত গ্ৰহণ কৰা বায়ুৰ জৰিয়তে মাইক্ৰপ্লাষ্টিকৰ ৰূপত অতি অনিষ্টকাৰী প্লাষ্টিক আমাৰ শৰীৰত প্ৰৱেশ কৰে।' আজি বিশ্ব পৰিৱেশ দিৱসৰ মূল অনুষ্ঠানৰ পূৰ্বে বিভাগীয় মন্ত্ৰী মহন্তই গছপুলি ৰোপন কাৰ্যসূচী মুকলি কৰে। আনহাতে, দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখন পৰিৱেশ সংৰক্ষণ তথা সজাগতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। আজিৰ অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা বহুকেইগৰাকী প্ৰকৃতিপ্ৰেমী পৰিৱেশ সচেতন ব‍্যক্তিয়েও অংশগ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment