বিধানসভাৰ দৰ্শকৰ গেলাৰীত বহি বিশেষ অধিৱেশন চালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে


গুৱাহাটী,৯ জুনঃ অসম বিধানসভাত আজি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ। বিধানসভাত আজি ডিব্ৰুগড়ৰ মোহনবাৰীত থকা বিমান বন্দৰটো ভাৰতৰত্ন ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰাৰ এক সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত প্ৰস্তাৱ গ্ৰহণৰ সময়ত অধ্যক্ষই নিৰ্দিষ্ট কৰি দিয়া গেলাৰীত আসন গ্ৰহণ কৰি আলোচনাটো মনোযোগেৰে শুনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সভাপতি গৌৰৱ গগৈৰ লগতে প্ৰাক্তন সাংসদ ৰিপুণ বৰায়ো আজি দৰ্শকৰ গেলাৰীত উপস্থিত থাকি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয়। অসম প্ৰদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই আজি ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড়ৰ বিমান বন্দৰটো নামাংকিত কৰাত চৰকাৰী পক্ষক ধন্যবাদ জ্ঞাপন কৰে আৰু এই প্ৰস্তাৱৰ প্ৰতি কংগ্ৰেছ দলৰ সমৰ্থন আছে বুলি ঘোষণা কৰে। শইকীয়াই ইয়াৰ লগতে ভূপেন হাজৰিকাৰ গীত-মাতসমূহ সংৰক্ষণৰ ক্ষেত্ৰত  গুৰুত্ব আৰোপ কৰি কেবাটাও বিশেষ প্ৰস্তাৱ সদনত দাখিল কৰে। সভাপতি গৌৰৱ গগৈ ইয়াৰ পিছত সাংবাদিকৰে মুখামুখি হয় আৰু কেবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়ে। আজিৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৰাজীৱ ভৱনত কেবাখনো সভাত ভাগ লয়। ইয়াৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ মিচিং জনজাতি কোষ আৰু চাহ জনজাতি কোষৰ লগত আলোচনাত মিলিত হয়। দুয়োটা কোষৰ জৰিয়তে উক্ত জনজাতিৰ ৰাইজৰ মাজত প্ৰদেশ কংগ্ৰেছক কেনেদৰে অধিক শক্তিশালী কৰিব পাৰি আৰু অনাগত দিনত এই গোটসমূহ কেনেদৰে অধিক সক্ৰিয় হ'ব সেই সম্পৰ্কে পৰ্যালোচনা কৰে। ইফালে, বিধানসভাৰ দৰ্শকৰ গেলাৰীত কিছু সময় আলোচনা শুনাৰ পিছত সভাপতি গৌৰৱ গগৈয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সমন্বিতে কংগ্ৰেছ দলৰ বিধায়কসকলৰ সৈতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সৌজন্যমূলক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয়। অধ্যক্ষ দৈমাৰীয়ে সভাপতি গৌৰৱ গগৈক আদৰণি জনাই বাৰ্তালাপ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment