বিদেশ মন্ত্ৰী এচ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অনতিপলমে সলনি কৰক প্ৰধানমন্ত্ৰীয়ে : গৌৰৱ গগৈ


নতুন দিল্লী,৩১ জুলাই : ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু দেশৰ বিদেশ নীতিক লৈ লোকসভাৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ সন্মুখত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "বিগত দুদিন ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ড’নাল্ড ট্রাম্পে ভাৰত সম্পৰ্কে যিবিলাক মন্তব্য কৰিছে, সেইবোৰ ভাৰতৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক। মই অনুভৱ কৰো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিদেশ মন্ত্ৰী জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক অনতিপলমে সলনি কৰা উচিত। কাৰণ এই দুয়োগৰাকীৰ দিহা-পৰামৰ্শ মতেই  প্ৰধানমন্ত্ৰীয়ে বৈদেশিক নীতি সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰে। আজি ইয়াৰ পৰিণাম আমি সকলোৱে দেখিছোঁ। সম্প্ৰতি ভাৰতৰ ওপৰত আমেৰিকাৰ ২৫ শতাংশ শুল্ক আৰোপ অতি দুৰ্ভাগ্যজনক । কিন্তু তাতোতকৈ দুৰ্ভাগ্যজনক আৰু চিন্তাজনক বিষয় হৈছে সম্প্ৰতি ৰাষ্ট্ৰপতি ট্রাম্প আৰু পাকিস্তান চৰকাৰৰ মাজত হোৱা মধুৰ সম্পৰ্ক আৰু আলোচনা। ট্ৰাম্পে কৈছে যে আমেৰিকা আৰু পাকিস্তানৰ মাজত এখন চুক্তি হ’ব। যি চুক্তিৰ আধাৰত দুয়োখন দেশ মিলি বিশাল তৈল ভাণ্ডাৰ বিকশিত কৰিব। এনে দিন আহিব ভৱিষ্যতে ভাৰতে পাকিস্তানৰ পৰা খনিজ তেল ক্ৰয় কৰিব লগীয়া হ'ব। এইয়া ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অৱনতি হোৱাৰ এক চিন্তনীয় সংকেত আমি দেখা পাইছো। আমি এক চিন্তাজনক পৰিস্থিতিৰ মাজত সোমাই পৰিছো।

সেইবাবে মই বিদেশ মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক সলনি কৰিবলৈ আহবান জনাইছো।" তেওঁ লগতে কয়, "এই বৰ্ষৰ আৰম্ভণিতে ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোডী আৰু বিদেশ মন্ত্ৰীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল আৰু বহুল প্ৰচাৰ হৈছিল। কিন্তু আজিৰ পৰিস্থিতিত ক'ব পাৰি যে সেই যাত্ৰা সম্পূৰ্ণৰূপে বিফল। কাৰণ এফালে আমেৰিকাই আমাৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে, দিনক দিনে পাকিস্তানৰ সৈতে নিজৰ সম্পৰ্ক ঘনিষ্ঠ কৰি তুলিছে। আনহাতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দ্বাৰা পাকিস্তানৰ সামৰিক প্ৰধান আচিফ মুনিৰক বিশেষ মৰ্যাদাৰে আতিথ্য প্ৰদান। আজি অত্যন্ত দুৰ্ভাগ্যৰ বিষয় এইয়ে যে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভাৰতবৰ্ষৰ শক্তিশালী বিদেশ নীতিক প্ৰধানমন্ত্ৰী মোডী, জয়শংকৰ আৰু ডোভালৰ কথা শুনি একেবাৰে দুৰ্বল আৰু নিশকতীয়া কৰি পেলালে। অৱস্থা এনে পৰ্য্যায় পালেগৈ যে অপাৰেশ্যন সিন্দুৰৰ সময়ত এখনো দেশে পাকিস্তানক মুকলিকৈ দোষাৰোপ নকৰিলে। বাৰে বাৰে আমি চৰকাৰৰ বিদেশ নীতি আৰু বিদেশ মন্ত্ৰীৰ বিফলতাৰ উদাহৰণ দেখি আহিছো।"

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment