অগপত হোৱা বিদ্ৰোহক জাগৰণ আখ্যা অতুল বৰাৰ


গুৱাহাটী,১ আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগপত দেখা দিয়া বিদ্ৰোহক জাগৰণ আখ্যা দিছে দলটোৰ সভাপতি তথা মন্ত্রী অতুল বৰাই। শুকুৰবাৰে সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্রীগৰাকীয়ে কয়, "যোৱা দিনবোৰত দলটোৰ শক্তি বৃদ্ধিৰ বাবে আমি সকলোকে অতি নিষ্ঠাৰে কাম কৰি যোৱাৰ বাবে আহ্বান জনাই আহিছো। দলৰ কৰ্মকৰ্তা সকলে কাম কৰিছে আৰু বৰ্তমান সময়ত সমগ্ৰ অসমত মই নিজেই এটা জাগৰণ প্ৰত্যক্ষ কৰিছো। আপোনালোকে যাক বিদ্ৰোহ বুলি কৈছে মই তাক জাগৰণ বুলি কৈছো। সেইটো দলটোৰ কাৰণে শুভ লক্ষণ। কৰ্মকৰ্তাৰ এনে উৎসাহে দলটোক আৰু অধিক শক্তিশালী কৰিব। অসমৰ মাটিত অগপ শক্তিশালী হোৱা মানে অসমত জাতীয়তাবাদ শক্তিশালী হোৱা।" অগপ ট্ৰেণ্ডিঙত থকাটো ভাল কথা বুলি সদৰি কৰি তেওঁ কয়, "সমষ্টিৰ ক্ষেত্রত এতিয়াও যথেষ্ট সময় আছে। আজি হয়টো বহু ঠাইত বিজেপিৰ স্থিতি নাই। কিন্তু যি ধৰণে জাগৰণ হৈছে তাত মোৰ দৃঢ় বিশ্বাস যে অনাগত দিনত বহুত ভাল হ'ব। আসনৰ ক্ষেত্রত এতিয়ালৈকে বিজেপিৰ লগত কোনো আলোচনা হোৱা নাই।" ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত তেওঁ কয়, "ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আমি মনেপ্ৰানে কামনা কৰো। মুখ্যমন্ত্রীয়েও আজিৰ দিনটোত এই কথাটো কৈছে যে অক্টোবৰ মাহৰ বিধানসভাৰ অধিৱেশনত বিষয়টো আহিব। ইয়াত সকলোৱে অংশ গ্ৰহণ কৰক। কংগ্ৰেছে আমাক কোৱাৰ অধিকাৰ নাই। পিছপৰা জাতি-জনগোষ্ঠী কেইটা আগবাঢ়ি যোৱাটো আমিও বিচাৰো। আমাৰ চৰকাৰে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। নহ'লে ইয়াৰ মূল্য আমিয়ে ভৰিব লাগিব। কংগ্ৰেছে তেওঁলোকক ইমান দিন ফাঁকি দিয়ে ৰাখিলে। উপেক্ষা কৰি আহিছিল কংগ্ৰেছে।" কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘুৰ ভোট লৈ ক্ষমতাত আছিল বুলি সদৰি কৰি তেওঁ কয়, "আজি ধৰ্মীয় সংখ্যালঘু সকলে মাটি-বাৰীৰ কাৰণে, পট্টাৰ কাৰণে কিয় হাহাকাৰ কৰিবলগীয়া হৈছে। কিয় চৰকাৰী ভূমিত, ফৰেষ্ট ভূমিত, ট্ৰাইবেল বেল্ট-ব্লকত, ভি জি আৰ আৰু পি জি আৰ ভূমিত বহিবলগীয়া হ'ল। এয়া কাৰ ভুল। একমাত্র কংগ্ৰেছৰ ভুল। কংগ্ৰেছে আগতে তেওঁলোকক কিছুমান মাটিৰ আৱণ্টন দিব লাগিছিল। কিন্তু নকৰিলে। বৰ্তমান চৰকাৰে সঠিক কাম কৰি আহিছে।" সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "অগপ এটা ধৰ্মনিৰপেক্ষ দল। ১৯৯৬ চনৰ চৰকাৰলৈ আহোতে আব্দুল হক, আব্দুল ৰৌফ আদি ধৰ্মীয় সংখ্যালঘুৰ বহু বিশিষ্ট ব্যক্তিয়ে অগপক সহায় কৰিছিল। সেই সময়ত কোনো সাম্প্ৰদায়িক সংঘাত হোৱা নাছিল। যিটো কংগ্ৰেছৰ দিনত হৈছিল। উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত অসম ছাত্ৰ পৰিষদ আৰু অসম মহিলা পৰিষদৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই দুয়োখন সভাত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহম্তৰ লগতে কেইবাজনো নেতাই অংশ গ্ৰহণ কৰে। 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment