আপৰ ঘৰ ঘৰ সংযোগ কাৰ্যসূচী আৰম্ভ


গুৱাহাটী,১ আগষ্ট : আম আদমি পাৰ্টী, অসময়ে আজিৰ পৰা ৰাজ্যজুৰি “ঘৰ ঘৰ সংযোগ কাৰ্যসূচী“ আৰম্ভ কৰিছে ৷ অসমৰ ৩ কোটি ৫০ লাখ লোকৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্যৰে আৰম্ভ কৰা এই কাৰ্যসূচী ১২২ দিন ধৰি চলিব আৰু অহা নৱেম্বৰ মাহৰ ৩০ তাৰিখে অন্ত পৰিব। আজি কাৰ্যসূচী শুভাৰম্ভ কৰে ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে ৷ গুৱাহাটীৰ মণিপুৰীবস্তিত ঘৰ ঘৰ সংযোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডাঃ চৌধুৰীয়ে আগন্তুক দিনত ৰাইজৰ সেৱা কৰিবৰ বাবে আপক ৰাইজৰ কাষলৈ আগবঢ়াই নিবলৈ ৰাইজৰ আৰ্শীবাদ বিচাৰে ৷ কাৰ্যসূচীত ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰাজা, ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈ, বল্লভ পাত্ৰ, প্ৰবীন শৰ্মা, মহিলা শক্তিৰ সভানেত্ৰী মঞ্জু ডেকা, অলকানন্দ ডেকা, বিমলা দেৱী আদিয়ে অংশগ্ৰহণ কৰে ৷ আনহাতে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই আজি গোলাঘাটৰ সৰুপথাৰত আপৰ এই ঘৰ ঘৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তেওঁৰ নিজা বুথ ২৮ নং , বাৰমুখীয়া এলপি স্কুল ( সোঁ ) আৰু ৩৩ নং বুথ , যোৰহটীয়া শিশু কল্যাণ বুথৰ ঘৰে ঘৰে গৈ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এক বিবৃতিত দলটোৰ সাধাৰণ সম্পাদক ৰাজীব শইকীয়াই কয় যে এই কাৰ্যসূচীৰ যোগেদি দলে অসমৰ সকলো ধৰ্ম, ভাষা ভাষী, জাতি জনগোষ্ঠী লোকৰ সৈতে সংযোগ স্থাপন কৰি দিহা পৰামৰ্শ বিচাৰিব আৰু এই দিহা পৰামৰ্শৰ আধাৰত কৰ্মসূচী যুগুত কৰি আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত অৱৰ্তীণ হ'ব ৷ ২০২৬ ৰ নিৰ্বাচনত আম আদমি পাৰ্টীয়ে ১২৬টা সমষ্টিতে প্ৰাৰ্থী দিব বুলি পুনৰ দোহাৰি ৰাজীব শইকীয়াই দৃঢ়তাৰে কয়, ২০২৬ ত অসমৰ ৰাইজৰ আশীৰ্বাদত আম আদমি পাৰ্টীৰ ঝাড়ু অসম বিধানসভাত সোমাব ৷ ২০২৬ ৰ নিৰ্বাচনক আধাৰ হিচাপে লৈ ২০৩১ ত আম আদমি পাৰ্টীয়ে অসমত চৰকাৰ গঠনৰ লক্ষ্য লৈছে বুলি ৰাজ্যিক সাধাৰণ সম্পাদকজনে প্ৰকাশ কৰে ৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment