বিশ্ব ফটোগ্ৰাফী দিবসত তেজপুৰৰ ফটো সাংবাদিক সমীৰ কৰক সম্বৰ্ধনা


গুৱাহাটী,১৯ আগষ্ট : 'একোখন ফটোৱে একোটা ঐতিহাসিক মূহুৰ্তক ধৰি ৰাখে।' - বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে আজি অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত এনেদৰেই মন্তব্য আগবঢ়াই বিশিষ্ট সাহিত্যিক কথাশিল্পী ড৹ অৰূপা পটংগীয়া কলিতাই। সন্থাৰ সভাপতি ধনীৰাম কলিতাৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানটোত ফটো সাংবাদিকতাৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে ফটো সাংবাদিকতাৰ এক বিস্তৃত ইতিহাস আছে। এখন কিতাপেও কৰিব নোৱাৰা কাম এটা বিশেষ শ্বটে কৰিব পাৰে। প্ৰখ্যাত ফটোগ্ৰাফাৰ ৰ'জাৰ ফিকনৰ 'ভেলী অফ দ্য শ্বেড' অফ ডেথ' শীৰ্ষক ফটোখনৰ কথা উনুকিয়াই তেওঁ কয় যে যুদ্ধৰ বিভীষিকাক সুন্দৰ ভাবে এই ফটোখনে তুলি ধৰিছিল। ভাৰতবৰ্ষৰ প্ৰখ্যাত ফটোগ্ৰাফাৰ ৰঘূ ৰায়ৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে ৰঘূ ৰায়ে ফটো সাংবাদিকতাক এক অনন্য মাত্ৰা দিছে। এয়া গবেষণাৰ বিষয় হ'ব লাগে। ফটোগ্ৰাফীৰ সৈতে নিজৰো এৰাব নোৱাৰা সম্পৰ্ক আছে বুলি উনুকিয়াই বিশিষ্ট সাহিত্যিক ড৹ কলিতাই কয় যে ফটো এখন তোলাৰ সময়ত ফটোগ্ৰাফাৰজনৰ দৃষ্টিভংগী কি হব তাৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে। ফটো সাংবাদিকতাৰ ক্ষেত্ৰখনত অহা প্ৰত্যাহ্বানকো নেওচি সুন্দৰ পৃথিৱীখনৰ বাবে এখন নতুন সমাজ সৃষ্টিত অৰিহণা যোগাই ফটো সাংবাদিক সকলক আগুৱাই যাবলৈ তেওঁ আহ্বান জনাই। অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি তেজপুৰৰ ফটো সাংবাদিক সমীৰ কৰক আজি সন্থাই সম্বৰ্ধনা জনায়। বিশিষ্ট ফটো সাংবাদিকগৰাকীক গামোচা,  চেলেং , স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু মাননি হিচাপত নগদ দহ হাজাৰ টকা সন্থাৰ তৰফৰ পৰা দিয়া হয়। সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট ফটো সাংবাদিক সমীৰ কৰে প্ৰয়াত পিতৃক স্মৰণ কৰি আবেগিক হৈ পৰে। এই সন্মানৰ বাবে সন্থাৰ কৃতজ্ঞতা প্ৰকাশ কৰি নিজ যাত্ৰাৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে অংশ লৈ নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই তথ্য প্ৰযুক্তিৰ বিকাশে ফটোগ্ৰাফীৰ ক্ষেত্ৰতো পৰিবৰ্তন আনিছে বুলি কয়। প্ৰযুক্তিৰ সলনি হলেও ফটোৰ বাৰ্তা আৰু ভাষা একেই আছে। তেওঁ উদ্যোক্তাসকলে পদক্ষেপৰ শলাগ লয়। অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে ফটো সাংবাদিক সকলক অবন্দিত নায়ক আখ্যা দি কয় যে ফটো সাংবাদিকসকলে কষ্ট কৰাৰ পাছতো নিজৰ স্হানত স্বীকৃতি নাপায়। এইক্ষেত্ৰত সকলোৰে আত্মবীক্ষণৰ প্ৰয়োজন আছে। দৈনিক জনমভূমিৰ সম্পাদক সঞ্জীৱ ফুকনে প্ৰতিখন ফটোৰ আৰত ফটোগ্ৰাফাৰজনৰ এক যাত্ৰা থাকে বুলি কয়। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশ লৈ অসমীয়া খবৰ কাকতৰ মুখ্য সম্পাদক বিশ্বজিত দাস, দৈনিক পূর্বোদয়ৰ সম্পাদক ৰবি শংকৰ ৰবি, প্ৰথম খবৰৰ এডিটৰ ইন চীফ প্ৰণয় বৰদলৈ, আছাম টকছৰ চীফ মেনেজিঙ এডিটৰ প্ৰাণজিত শইকীয়াই ফটো সাংবাদিক সকলক প্ৰত্যাহ্বানকো নেওচি আগুৱাই যাবলৈ আহ্বান জনায়। অনুষ্ঠানটোত অসম ফটো সাংবাদিক সন্থাৰ সম্পাদক ৰেব কুমাৰ বৰা, কোষাধ্যক্ষ দিব্য জ্যোতি দাস ৰাভা, জ্যেষ্ঠ ফটো সাংবাদিক উৎপল বৰুৱা, ৰিতুৰাজ কোঁৱৰ , ৰাজীব ভট্টাচাৰ্য, আব্দুল চাজিদকে প্ৰমুখ্য কৰি সন্থাৰ বিষয়ববীয়া সকলো উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment