জি এম চি এইচত সদ্যজাত শিশুৰ মৃত্যু : তিনিজনীয়া তদন্ত কমিটি গঠন


গুৱাহাটী,১৮ আগষ্ট : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সোমবাৰে সংঘটিত হয় এক অত্যন্ত শোকাবহ ঘটনা। চিকিৎসা মহাবিদ্যালয়খনৰ এন আই চি ইউৰ বিচনাৰ পৰা পৰি মৃত্যু হয় এটি নৱজাতকৰ। জানিব পৰা মতে নুনমাটিৰ স্মিতা ডেকাৰ ঘৰত জন্মগ্ৰহণ কৰা কেঁচুৱাটো জণ্ডিচ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। নিয়মীয়া পৰীক্ষাৰ সময়ত চিকিৎসালয়ৰ কৰ্মচাৰীয়ে দুটা কেঁচুৱা পৰি থকা বুলি জানিব পাৰিছিল, ইয়াৰে এটা কেঁচুৱা বিচনাখনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। সকলো চেষ্টাৰ পিছতো বচাব নোৱাৰিলে কেঁচুৱাটোক। জি এম চি এইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই এনে ঘটনা চিকিৎসালয়ত প্ৰথম হোৱা বুলি অভিহিত কৰি আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিয়ে। এই ঘটনা কেনেকৈ সংঘটিত হয় সেই বিষয়ে জানিবলৈ চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰা হৈছে। ডাঃ বৈশ্যই ঘটনাৰ তদন্তৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেওঁ এই কাণ্ডক গাড়ী বা বিমান দুৰ্ঘটনাৰ সৈতে তুলনা কৰি কয় যে এই দুৰ্ঘটনাই তেওঁলোকক অসুৰক্ষিত কৰি তোলা নাই, জি এম চি এইচ এখন সুৰক্ষিত চিকিৎসালয় হৈয়েই আছে বুলি মত প্ৰকাশ কৰে। অৱশ্যে ডাঃ বৈশ্যৰ তুলনামূলক বক্তব্যই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ অসম চৰকাৰে এক উচ্চস্তৰীয় তিনিজনীয়া  কমিটি গঠন কৰি দিছে। অতিৰিক্ত মুখ্য সচিব চুইটি ছাংচন,  ডি এম ই ডা: অনুপ বৰ্মন আৰু এইমছৰ শিশু ৰোগ বিশেষজ্ঞ (এইচ অ ডি ) জয় শংকৰ তিনিজনীয়া তদন্ত কমিটিত থাকিব। উল্লেখ্য যে যোৱা ১৫ আগষ্টত জন্ম হোৱা এটি শিশুক সদ্যজাতকৰ যতন কক্ষত ৰখা অৱস্থাত এটি দুৰ্ঘটনা সংঘটিত হৈ শিশুটি দুৰ্ভাগ্যজনকভাৱে মৃত্যুৰ মুখত পৰে। এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত তৎকালীনভাৱে বলবৎ হোৱাকৈ এই তদন্ত কমিটিখন গঠন কৰা হৈছে। এই কমিটিখনে দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰি তৎকালীনভাৱে প্ৰতিবেদন দাখিল কৰিব আৰু ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে এই দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment