ৰহস্য আৰু নতুন স্বদেশ গোষ্ঠীয়ে শান্তি যোদ্ধা বঁটাৰে সন্মানিত কৰিলে ড০ দিব্যজ্যোতি শইকীয়াক


গুৱাহাটী ২৫ আগষ্ট : এসময়ৰ জনপ্ৰিয় আলোচনী "ৰহস্য"ই ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে বিয়লি গুৱাহাটীৰ লাষ্টগেটৰ লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুস্থিত কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি তৃতীয় বৰ্ষত ভৰি দিয়া "নতুন স্বদেশ" বাতৰি কাকত আৰু "ৰহস্য"ই যুটীয়া ভাৱে অসমৰ বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানত বঁটা প্ৰদান কৰে। গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞ ৰমেন চৌধুৰীক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰাষ্ট্ৰীয় মানৱাধিকাৰ কৰ্মী তথা সমাজ সংস্কাৰক ড০ দিব্যজ্যোতি শইকীয়াক অন্ধবিশ্বাস, ড্ৰাগছ আদি নিবাৰণৰ লগতে যুৱ তথা ছাত্ৰ সমাজৰ বাবে জীৱন ভিত্তিক শিক্ষা তথা গুণগত, প্ৰজ্ঞালদ্ধ শিক্ষাৰ উত্তৰনেৰে শান্তি পুনৰ প্ৰতিষ্ঠাৰ হকে আগবঢ়াই অহা অকৃত্ৰিম তথা উৎকৃষ্ট সেৱাৰ বাবে "শান্তি যোদ্ধা" বঁটাৰে বিভূষিত কৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ সাহিত্যিক উপেন ৰাভা হাকাচাম। ড০ দিব্যজ্যোতি শইকীয়াৰ উপৰি অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ পাৰ্থ চৰকাৰ, চিত্ৰশিল্পী মঞ্জিত ৰাজখোৱা, অসমীয়া প্ৰতিদিনৰ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠক, দ্য ছেণ্টিনেলৰ সাংবাদিক মৌচম জ্যোতি বৈশ্য আদি ভালে কেইজন ব্যক্তিক বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment