গুৱাহাটী,২৪ আগষ্ট : "কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ মুম্বাই বন্দৰ প্ৰাধিকৰণৰ দ্বাৰা অসম চৰকাৰক আগন্তুক ৬০ বছৰৰ বাবে উন্নয়নমূলক কাম-কাজৰ বাবে চাৰি বিঘা ভূমি লীজত দিয়া হ'ব। ইয়াৰ জৰিয়তে উক্ত ভূমিত ৰাজ্যখনৰ নাগৰিকৰ সুবিধাৰ্থে প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলা হ'ব।" - এই ঘোষণা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱালৰ। দেওবাৰে গুৱাহাটীৰ জ্যোতিকুছিৰ বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে এই ঘোষণা কৰে। সংবাদমেলত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয়, "মুম্বাই চহৰ ভাৰতবৰ্ষৰ বাণিজ্যিক কেপিটেল বুলি জনা যায়। বিশ্বৰ অন্যতম বাণিজ্য কেন্দ্ৰ মুম্বাই। মুম্বাই চহৰে বিশ্বৰ বুকুত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এইখন চহৰত অসম চৰকাৰৰ পৰা এটা কেম্পাচৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুম্বাই বন্দৰ কৰ্তৃপক্ষৰ ওচৰত এখন পত্র প্ৰেৰণ কৰিছিল। মুখ্য সচিবৰ যোগেদি প্ৰেৰণ কৰা পত্রখনৰ যোগেদি মুম্বাইৰ গুৰুত্বপূৰ্ণ স্থান বিশেষকৈ হোটেল তাজৰ সমীপত কিছু মাটি বিচাৰি অনুৰোধ জনাইছিল। অসম চৰকাৰৰ সেই আবেদন পত্রখনক মুম্বাই বন্দৰ কৰ্তৃপক্ষই বিতংভাৱে অধ্যয়ন কৰি বোৰ্ডত অনুমোদন জনায়। আনহাতে আমাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা গোটেই বিষয়টো অধ্যয়ন কৰি এম্পাৱাৰ কমিটিৰ তৰফৰ পৰা চূড়ান্ত অনুমোদন দিয়া হৈছে। চাৰি বিঘাতকৈ অধিক মাটি অসম চৰকাৰক ৬০ বছৰত লীজত দিয়াৰ বাবে মন্ত্ৰালয়ে অনুমোদন জনাইছে।" কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে লগতে কয়, "এইটো এটা অসমৰ বাবে ভাল খবৰ। কাৰণ অসম চৰকাৰৰ তৰফৰ পৰা এই মাটিখিনি লৈ তাত অসমৰ স্বাৰ্থত বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব। অসম চৰকাৰে তাত এটা আন্তঃগাঠনি নিৰ্মাণ কৰিব। কোনোবাই অসম বিষয়ে জানিব বিচাৰিলে নাইবা বিনিয়োগ কৰিব বিচাৰিলে তাত এটা তথ্য কেন্দ্ৰও থাকিব। তদুপৰি অসমৰ বহু লোকে উন্নত চিকিৎসাৰ বাবে তথা অধ্যয়নৰ বাবে শিক্ষাৰ্থী মুম্বাইলৈ যায়। তেওঁলোকৰ সুবিধাৰ্থে তাত অসম চৰকাৰে ব্যৱস্থা কৰিব। চৰকাৰী ভ্ৰমণৰ ক্ষেত্রতো তাত থকা-মেলাৰ ব্যৱস্থা থাকিব। মুম্বাই চহৰত অসম চৰকাৰে নিজা মাটিত নিজা এটা কেন্দ্ৰ গঢ় দিয়াৰ লগে লগে অসমৰ ৰাইজৰ বাবে ভাল সুবিধা এটা হ'ব। মুখ্যমন্ত্রীৰ অনুৰোধ পত্রক আমি সহাৰি জনাইছো। অসমৰ অনিৰুদ্ধ উন্নয়নৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে এই ঘোষণা কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। মই ভাবো অসম চৰকাৰে সেই স্থানত এটা সুন্দৰ অনুষ্ঠান গঢ় দিব।"

0 Comments:
Post a Comment