২০২৭ চনত ১৮ মাহৰ বাবে অসমবাসীয়ে চাব পাৰিব বৃন্দাবনী বস্ত্র : সংবাদমলেত ক'লে মুখ্যমন্ত্রীয়ে


গুৱাহাটী,৩০ আগষ্ট : গুৰুজনাৰ অপূৰ্বৰ সৃষ্টিত আপুৰুগীয়া বৃন্দাবনী বস্ত্র অসমলৈ অনা হ'ব। সকলো ঠিকে থাকিলে ২০২৭ চনত ১৮ মাহৰ বাবে অসমলৈ অনা হ'ব বৃটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্র। শনিবাৰে দিছপুৰৰ লোক সেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই ভাল খবৰটো দিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রীয়ে কয়, "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বৃন্দাবনী বস্ত্র মহাৰাজ নৰনাৰায়ণৰ অনুৰোধক্ৰমে নিৰ্মাণ কৰিছিল আৰু কালক্ৰমত সেই বৃন্দবনী বস্ত্রখন অসমৰ পৰা তিব্বেত হৈ লণ্ডন, ফ্ৰান্স আদি বিভিন্ন স্থানলৈ যায়। বৃন্দবনী বস্ত্রখন অসমৰ মানুহে চাব পৰাৰ বাবে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টা চলোৱা হৈছে। বিশেষকৈ ইউৰোপৰ তিনিটা মিউজিয়ামত থকা বৃন্দাবনী বস্ত্রৰ কোনখন আচল তাকলৈয়ো বিভিন্ন সময়ত বিভিন্ন আলোচনা হৈছে। এই বিষয়ে বৃটিছ মিউজিয়ামৰ কিউৰেটৰ ৰিচাৰ্ড ব্লাটনে লিখা গ্ৰন্থত বৃন্দাবনী বস্ত্রৰ বিষয়ে বহু কথা উল্লেখ কৰিছে। তেওঁ অসমলৈয়ো আহিছিল। আজি যদি আমি বৃন্দাবনী বস্ত্রখন চাব বিচাৰো তেন্তে বৃটিছ মিউজিয়ামলৈ মেইল দি আগতিয়াকৈ এপইণ্টমেণ্ট ল'ব লাগে। তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া দিনতহে গৈ আমি চাব পাৰো। কাৰণ এতিয়া বৃটিছ মিউজিয়ামে কাপোৰখনৰ বয়স বাঢ়ি যোৱাৰ বাবে সাধাৰণ প্ৰদৰ্শন বন্ধ কৰি বিশেষভাৱে আছুতীয়াকৈ ৰাখি থৈছে। যাতে বাহিৰৰ সংস্পৰ্শলৈ নাহে। বৃটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্রখন মই নিজে চাইছো। আনহাতে বিধানসভাৰ অধ্যক্ষ হৈ থাকোতে ৰণজিৎ কুমাৰ দাসে ফ্ৰান্সৰ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্রখন চাই আহিছিল। দুয়োখনৰ মাজত কোনখন আচল তাৰ পাৰ্থক্যটো ধৰিব নোৱাৰি। এই বিষয়ে বহুখিনি চৰ্চাৰ প্ৰয়োজন আছে।" বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ প্ৰয়াস সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "বৃটিছ মিউজিয়াম আৰু ফ্ৰান্সৰ লগতে বৃন্দাবনী বস্ত্র য'তেই থকাৰ খবৰ পাইছিলো তাতেই যোগাযোগ কৰিছিলো। আমাৰ চেষ্টা আছিল যে বৃন্দাবনী বস্ত্র অসমৰ মানুহে চাব পাৰে। কাৰো সহাৰি পোৱা নাছিলো যদিও চেষ্টা অব্যাহত আছিল। শেহতীয়াকৈ বৃটিছ মিউজিয়ামে আমালৈ পত্র দিছে। পত্র যোগে চৰ্ত সাপেক্ষে ২০২৭ চনত অসমলৈ বৃন্দাবনী বস্ত্ৰ ১৮ মাহৰ বাবে দিবলৈ সন্মত হৈছে বৃটিছ মিউজিয়াম।" মুখ্যমন্ত্রীয়ে লগতে কয়, "বৃটিছ মিউজিয়াম আৰু অসম চৰকাৰৰ মাজত সম্পৰ্ক স্থাপন কৰি দিয়াৰ ক্ষেত্রত পদক্ষেপ গ্ৰহণ কৰিছিল জে এছ ডব্লিউ কোম্পানীটোৱে। তেওঁলোকে আমাক কেইটামান কথা কৈছে। ডিজিটেল অভিজ্ঞতাৰ বাবে তেওঁলোকে এই বছৰে আমাক বৃন্দাবনী বস্ত্রখন দেখুৱাব বিচাৰিছে। বৃন্দাবনী বস্ত্রখন বৃটিছ মিউজিয়ামৰ পৰা লাইভ চাব পৰা যাব। ডিজিটেলি আমি লাইভ চাব পাৰিম। তেওঁলোকে আমাক অসমত এটা নতুন মিউজিয়াম নিৰ্মাণ কৰাৰ কথা কৈছে। যিটো বৃটিছ মিউজিয়ামে বিচৰা ধৰণৰ মানদণ্ডৰ হ'ব লাগিব। গুৱাহাটী মিউজিয়াম আৰু কলাক্ষেত্রৰ মিউজিয়াম তেওঁলোকে চাই সেইটো পৰ্যায়ৰ নহয় বুলি কৈছে। বৃন্দাবনী বস্ত্র ৰাখিব পৰাকৈ সেই মানদণ্ডৰ মিউজিয়াম নিৰ্মাণ কৰিলেহে ২০২৭ চনত ১৮ মাহৰ বাবে বৃন্দাবনী বস্ত্র অসমলৈ আনিব পৰা যাব। এবাৰ বৃটিছ মিউজিয়ামৰ বৃন্দাবনী বস্ত্র সফলভাৱে প্ৰদৰ্শন কৰিব পাৰিলে আন মিউজিয়ামত থকা বৃন্দাবনী বস্ত্র অসমলৈ অনাত অসুবিধা নহ'ব।" মিউজিয়াম নিৰ্মাণৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "চি এছ আৰৰ অধীনত জে এছ ডব্লিউ কোম্পানীয়ে অসমত নিৰ্মাণ কৰিব সেই মিউজিয়াম। কোম্পানীটোৱে মিউজিয়ামটো নিৰ্মাণ কৰি অসম চৰকাৰক উপহাৰ দিব। মিউজিয়াম নিৰ্মাণৰ বাবে যোৱা কেবিনেটত খানাপাৰত থকা ৰেচম বিভাগৰ এক বিঘা মাটি দিয়া হৈছে। বৃন্দাবনী বস্ত্র আনিবৰ বাবে মিউজিয়াম নিৰ্মাণ কৰাৰ বাবে খানাপাৰাৰ খেলপথাৰৰ সমীপত মাটিখিনি দিয়া হৈছে।"

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment