বি টি আৰ নিৰ্বাচন : বিজেপিৰ ২৮ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ


গুৱাহাটী,৩১ আগষ্ট : বহু জল্পনা-কল্পনাৰ অন্তত বিজেপিয়ে ঘোষণা কৰিলে বি টি চি নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। এই তালিকাত স্থান পালে বহুকেইখন নতুন মুখে।  মুঠ ২৮টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। ১ছেপ্টম্বৰত দুটা নাইবা তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ নাম ঘোষণা কৰিব বুলি সদৰি কৰে সভাপতি শইকীয়াই। সভাপতি গৰাকীয়ে ঘোষণা কৰা অনুসৰি বিজেপিয়ে জামদুৱাৰ সমষ্টিত ৰাহুল নাৰ্জাৰী, কচুগাওঁত মহেশ্বৰ বসুমতাৰী, দতমাত মনোৰঞ্জন ব্ৰহ্ম,  চালাকাটিত কবিতা বসুমতাৰী, ১৩নং চিৰাঙত শংকৰ ব্ৰহ্ম, মানস চেৰফাঙত সুভাষ বসুমতাৰী,  মথনগুৰিত গৌতম দাস,  শালবাৰীত চক্ৰধৰ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰে বিজেপিয়ে। আনফালে বাগানপাৰাত ৰেখাৰাণী দাস বড়োক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। খৈৰাবাৰীত মদন ৰাভা, খালিংদুৱাৰত অৰ্জুন নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদানৰ কথা ঘোষণা কৰিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। বি টি চি নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰা প্ৰথমখন তালিকাত দুগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত আছে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী বড়োৰ নাম। আনফালে পৰ্বতঝোৰা সমষ্টিৰ বাবে  বনেন্দ্ৰ কুমাৰ বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment