প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান


 নিউজ ডেক্স,৫ আগষ্ট : জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্য পাল মালিকে আজি শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা মালিক যোৱা বহুদিন ধৰি দিল্লীৰ ডাঃ ৰাম মনোহৰ লোহিয়া হাস্পতালত ভৰ্তি হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। প্ৰস্ৰাৱৰ সংক্ৰমণ আৰু বৃক্ক বিকল হোৱাৰ বাবে সত্যপাল মালিকক আই চি ইউত ৰখা হৈছিল। তাৰ মাজতেই আজি তেওঁ শেষ নিস্বাস ত্যাগ কৰে। স্মৰ্তব্য এদিন পূৰ্বে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু চৰেনৰো দিল্লীত মৃত্যু হৈছিল। সোমবাৰে দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিবু চৰেনে। ১৯৪৬ চনৰ ২৪ জুলাইত জন্মগ্ৰহণ কৰা সত্যপাল মালিকৰ ঘৰ উত্তৰ প্ৰদেশৰ বাঘপাট জিলাৰ হিছৱাদা গাঁৱত। এটা জাট পৰিয়ালত জন্মগ্ৰহণ কৰা মালিকে মীৰুট মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক আৰু এল এল বি ডিগ্ৰী গ্ৰহণ কৰিছিল। তেওঁ ১৯৬৮-৬৯ চনত মীৰুট মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। তেওঁ ১৯৭৪-৭৭ চনলৈ উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য হিচাপে ১৯৮০ চনৰ পৰা ১৯৮৯ চনলৈ ৰাজ্যসভাত উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ কাৰ্যকালতে কাশ্মীৰৰ পৰা বাতিল হৈছিল ৩৭০ অনুচ্ছেদ। সত্যপাল মালিকে ২০১৮ চনৰ আগষ্টৰ পৰা ২০১৯ চনৰ অক্টোবৰলৈকে জম্মু-কাশ্মীৰৰ অন্তিমগৰাকী ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ কাৰ্যকালতে জম্মু কাশ্মীৰৰ পৰা ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ অনুচ্ছেদ বাতিলৰ ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছিল। তাৰ পিছত জম্মু-কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল। ইয়াৰ পিছত তেওঁ বিহাৰ আৰু মেঘালয়ৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনৰ পুলৱামা আক্ৰমণত নিৰাপত্তাৰক্ষীৰ ত্ৰুটি আৰু কিৰু জলবিদ্যুৎ প্ৰকল্পত হোৱা দুৰ্নীতিৰ অভিযোগৰ বিষয়ত তেওঁ মুকলিকৈ যিবোৰ কথা উল্লেখ কৰিছিল সেইবোৰক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছিল। 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment