দিল্লীত আই টি কনক্লেভ ২০২৫ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ


নতুন দিল্লী,৭ আগষ্ট : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে নতুন দিল্লীত আই টি কনক্লেভ ২০২৫ৰ শুভ উদ্বোধন কৰে। এই সন্মিলন শক্তিশালী সামুদ্ৰিক ডিজিটেল ব্যৱস্থাৰ ৰূপান্তৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আধুনিক, তথ্য-প্ৰযুক্তি চালিত সামুদ্ৰিক বিকাশৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি নতুনকৈ প্ৰস্তুত কৰা ডিজি শ্বিপিং ৱেবছাইট, ই-সমুদ্ৰ প্লেটফৰ্মৰ প্ৰথম পৰ্যায় আৰু এআই ভিত্তিক ৰিম’ট প্ৰক্টৰড পৰীক্ষা এই অনুষ্ঠানত সোণোৱালে মুকলি কৰে। অনুষ্ঠানত সোণোৱালে যুৱ সাগৰীয় কেডেটসকলৰ সৈতেও মত বিনিময় কৰি সামুদ্ৰিক দক্ষতা বৃদ্ধিৰে দেশৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্ৰিক খণ্ডত সবল ভূমিকা পালন কৰিবৰ বাবে উৎসাহিত কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment