গুৱাহাটী,৩১ আগষ্ট : বি টি আৰৰ নিৰ্বাচনক লৈ গৰম হৈ পৰিছে বড়োভূমি। মনোনয়ন পত্র দাখিলৰ বাবে দুটা দিন বাকী আছে। তাৰে মাজতে দলবোৰে প্ৰকাশ কৰিছে প্ৰাৰ্থী তালিকা। মনোনয়ন দাখিল অন্তিম দিন হৈছে ২ ছেপ্টেম্বৰ। অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বি টি আৰৰ নিৰ্বাচন। আনহাতে ২৬ ছেপ্টেম্বৰত হ'ব ভোটগণনা। অগপৰ বিজেপিৰে মিত্রতাত থাকিলেও বি টি আৰত নাই মিত্রতা। ৪০ টা সমষ্টি থকা বি টি আৰৰ নিৰ্বাচনৰ বাবে দেওবাৰে অগপই চাৰিটা সমষ্টিৰ বাবে প্রাৰ্থী তালিকা ঘোষণা কৰে। ৪টা সমষ্টিত প্রাৰ্থী প্রক্ষেপ কৰিছে অগপই। সেই অনুসৰি ১১নং বাঁওখুশ্রী সমষ্টিত বিষ্টুৰাম নাৰ্জাৰীক, ২০নং মথনগুৰিত মনমোহন দাসক, ৩নং শ্রীৰামপুৰত বিপ্রদ্বীপ তালুকদাৰক আৰু ১৯নং ঠুৰিবাৰী সমষ্টিত পাৰ্থজিৎ ৰায়ক প্রাৰ্থিত্ব প্রদান কৰা হৈছে। অগপৰ সভাপতি অতুল বৰাৰ স্বাক্ষৰিত বিবৃত্তি যোগে এই কথা জনোৱা হৈছে।
কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ : ৪০টা সমষ্টিতে প্ৰাৰ্থী
বি টি আৰ নিৰ্বাচনৰ বাবে শনিবাৰে ৩১ টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছত দেওবাৰে বাকী ৯ টা সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অনুমোদন সাপেক্ষে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে। সেই অনুসৰি পৰ্বতঝৰাত চাহেন চন্দ্ৰ ব্ৰক্ষ্ম, গুমাত আবু বক্কৰ আলী, শ্ৰীৰামপুৰত ৰফিকুল ইছলাম শ্বেইখ, দেৱাৰগাঁৱত মোহিনী মোহন বসুমতাৰী, কাজলগাঁৱত সঞ্জীৱ ৱাৰি, চবিঝাৰত বিনিময় বসুমতাৰী, থুৰিবাৰীত জমশ্বেৰ আলী, গোৰেশ্বৰত ভবেন্দ্ৰ নাথ স্বৰগয়াৰী আৰু পাচনৈ চেৰফাঙত পেতৰুচ বাগক প্ৰাৰ্থীত্ব দিয়া হৈছে। এই কথা প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈয়ে বিবৃত্তি যোগে জনাইছে। ৩১ জনীয়া প্ৰথমখন তালিকাত যমদুৱাৰত ৰঞ্চনা বসুমতাৰী, শৰাইবিলত ৰণঞ্জয় নাৰ্জাৰী, কচুগাঁৱত কৌৰম মুছাহাৰী, ফকিৰাগ্ৰামত চহৰ আলী, দোতমাত দৈমু ৰোজে, বনৰগাঁৱত মতিলাল বসুমতাৰী, বাওখুংগ্ৰীত সুনীল নাৰ্জাৰী, ছালাকাটিত ৰাজীৱ বসুমতাৰী, চিৰাঙত ইনুছ ইছাৰী, চিৰাংদুৱাৰত অমিয় নাৰ্জাৰী, নিছিমাত অগস্তিন নাৰ্জাৰী, মানস ছেৰফাঙত অবিনাশ ব্ৰহ্ম, মথনগুৰিত ছফিউৰ ৰহমান, শালবাৰীত বুদ্ধদেৱ ফাদাংগ্রে, ককলাবাৰীত জগদীশ মাধৈ, দিহিৰাত বুবুল দাস, মুছলপুৰত ধৰ্মেশ্বৰ বড়ো, বাগানপাৰাত কন্দৰ্প দাস, দৰঙাজুলিত ছেজান গয়াৰী, নাগ্রীজুলিত উদয় বিশ্বাস, গয়বাৰীত ৰুমি সিং মুছাহাৰী, শুক্লাই ছেৰফাঙত সুৰজিৎ বসুমতাৰী, খৈৰাবাৰীত খগেন ৰাভা, ভেৰগাঁৱত টেনজিং বোথছা, ননৈ ছেৰফাঙত ৰোহিত পাৰিগা, খালিংদুৱাৰত অনিল দৈমাৰী, মুদৈবাৰীত হিমাংগ শইকীয়া, হৰিশিঙাত চিত্তৰঞ্জন ভোবৰা, ধনশিৰিত ৰিহলন মুছাহাৰী, ভৈৰৱকুণ্ডত নোৱাজ বসুমতাৰী আৰু ৰৌতাত সাৰংশ দৈমাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। কংগ্ৰেছে বি টি আৰৰ নিৰ্বাচনৰ বাবে ৪০ টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।
%20(14).jpeg)

0 Comments:
Post a Comment