তুলিৰাম ৰংহাঙক ক্ষমতাত বহুৱাবও পাৰোঁ আৰু নমাবও পাৰোঁ : সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে'


হাওৰাঘাট,২২ আগষ্ট : "কাৰ্বি আংলং জিলাত লীজ পট্টাৰ নামত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভয় শংকা সোমাই দিয়া হৈছে।" - কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ চামগুৰি ৰাজালাল ব্ৰহ্মচাৰী আশ্ৰমত শুক্ৰবাৰে কাৰ্বি আংলং জিলা বাঙালী সমাজৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য আগবঢ়ায় সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে'ই। আনহাতে এই সন্দৰ্ভত দীপক দে'ই  সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় কয় যে আমি দুৰ্বল নহয়। জনসংখ্যাৰ মাধ্যমেৰে যেতিয়াই ইচ্ছা তুলিৰাম ৰংহাঙক ক্ষমতাত আমি বহুওৱাবও পাৰোঁ, নমাবও পাৰোঁ, এই ক্ষমতা বাঙালীৰ আছে। এই সভাতেই উপস্থিত থাকি কাৰ্বি আংলং জিলা এবছুৰ সভাপতি কল্যাণ ৰাভা ব্ৰহ্মই সংবিধান প্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত হোৱা কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সকলো জাতি জনগোষ্ঠীয়ে একগোট হৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়। কাৰ্বি আংলং জিলা হিন্দীভাষী ছাত্ৰ সন্থাৰ সভাপতি ৰামানন্দ যাদৱে ভাষণত কয় যে পূৰ্বে হিন্দীভাষী একাংশ লোকক গুলীৰে হত্যা কৰাৰ সমস্যা আছিল কিন্তু বৰ্তমান কলমৰ জৰিয়তে ভূমি নীতিৰ সমস্যা সৃষ্টি কৰা হয়। কাৰ্বি আংলং জিলা বাঙালী সমাজৰ সভাপতি সিতু কান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আতঁ ধৰে সম্পাদক অজিত দাসে । সভাখন উদ্বোধন কৰে কেশৱ নাথে । সভাত প্ৰাক্তন সম্পাদক অজয় দাস, বিষ্ণু ভট্টাচাৰ্য, দীপক দে', কল্যাণ ৰাভা ব্ৰহ্ম, চন্দন পাটিকা, কিৰেন্দ্ৰ সৰকাৰ আদি উপস্থিত থাকি ভাষণ দিয়ে । উল্লেখযোগ্য যে চামগুৰি আঞ্চলিক বাঙালী যুৱ সমাজ নামেৰে সিজয় নাথক সভাপতি আৰু প্ৰসেনজিৎ নাথক সম্পাদক আৰু মিলন দেৱক কাৰ্যকৰী সভাপতি হিচাপে লৈ  এখন ৩১ জনীয়া কমিটীও গঠন কৰা হয় ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment