সংশোধিত জি এছ টিৰ হাৰ ৰিয়েল ইষ্টেট আৰু নিৰ্মাণ খণ্ডৰ বাবে আশাব্যঞ্জক : 'এৰিডা'ৰ সভাপতি পি কে শৰ্মা


গুৱাহাটী,৭ ছেপ্টেম্বৰ : সংশোধিত জি এছ টিৰ হাৰে ৰিয়েল ইষ্টেট আৰু নিৰ্মাণখণ্ডৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। জি এছ টিৰ নতুন সংশোধিত হাৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আসাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল'পাৰ্ছ এছ’চিয়েছন চমুকৈ 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই। যোৱা ৪ ছেপ্টেম্বৰত জি এছ টি পৰিষদৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন জি এছ টিৰ হাৰ ঘোষণা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা জি এছ টি সংস্কাৰ আৰু জি এছ টি হাৰৰ গাঠনি সৰল কৰাৰ দিশত লোৱা পদক্ষেপক আদৰণি জনাইছে 'এৰিডা'ই। বিশেষকৈ বৰ্তমানৰ চাৰিটা শ্লেবৰ পৰা দুটা শ্লেবলৈ জি এছ টি সৰল কৰাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই। এই সন্দৰ্ভত তেওঁ কয়, "ইয়াৰ ফলত সমাজৰ সকলো শ্ৰেণীয়ে যথেষ্ট সকাহ পাব আৰু মুদ্ৰাস্ফীতিৰ চাপ আৰু অধিক লাঘৱ হ’ব বুলি আশা কৰা হৈছে। চিমেণ্টৰ জি এছ টি ২৮ শত‍ংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰাটো এটা উল্লেখযোগ্য পদক্ষেপ। ইয়াৰ ফলত ৰিয়েল ইষ্টেট আৰু নিৰ্মাণ খণ্ডত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। ইয়াৰ দ্বাৰা সামগ্ৰিকভাৱে নিৰ্মাণ খৰচত প্ৰায় ৫ শতাংশ ৰাহি হ’ব বুলি আশা কৰা হৈছে। যিটো শেষত ঘৰ ক্ৰয় কৰা সকলৰ হাতলৈ যাব আৰু যাৰ ফলত গৃহ নিৰ্মাণৰ ব্যয়সাধ্যতা বৃদ্ধি পাব।" তেওঁ লগতে কয়, "এই সংস্কাৰ অধিক স্বচ্ছ আৰু কাৰ্যক্ষম কৰ ব্যৱস্থাৰ দিশত এক ইতিবাচক পদক্ষেপ। যাৰ ফলত জি এছ টি অনুসৰণৰ উন্নতি আৰু ৰাজহ সংগ্ৰহ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এইটো এটা গেম-চেঞ্জিং পদক্ষেপ, যিয়ে সমগ্ৰ খণ্ডসমূহৰ চাহিদাক উৎসাহিত কৰিব আৰু নিৰ্মাতা, যোগানকাৰী আৰু ডেভেল'পাৰ্ছ সকলক একেদৰেই এক অতি প্ৰয়োজনীয় শক্তি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। গৃহ নিৰ্মাণৰ ওপৰত জি এছ টিক অধিক যুক্তিসংগত কৰি তুলিবলৈ আৰু গুণগত মানৰ ঘৰ সকলোৰে বাবে আৰু অধিক সুলভ কৰি তুলিবলৈ এৰিডাই চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment