নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ


নতুন দিল্লী, ৮ ছেপ্টেম্বৰঃ অসমৰ বিজেপি চৰকাৰে এতিয়া আৰু সাধাৰণ ৰাইজ, খাটিখোৱা জনতা, ক্ষুদ্ৰ ব্যৱসায়ী, শ্ৰমিক, কৃষকৰ বাবে কাম নকৰে। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ উন্নয়নৰ বাবেহে এই চৰকাৰে কাম কৰি আহিছে। সেইবাবে আজি অসমৰ ৰাইজৰ হৈ কাম কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ দুজনৰ প্ৰাক্তন বিধায়ক আৰু অসম গণ পৰিষদৰ এজন প্ৰাক্তন বিধায়কে কংগ্ৰেছ দলত যোগদান কৰিছে। নতুন দিল্লীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে এই তিনিওজন নেতাক কংগ্ৰেছ দললৈ আদৰণি জনাই এইদৰে কয়। সাংসদ গগৈয়ে কয় যে অসমত এতিয়া চৰকাৰৰ নামত হিমন্ত বিশ্ব শৰ্মা এণ্ড প্ৰাইভেট কোম্পানীৰ দৌৰাত্ম্য চলিছে। বিজেপিৰ মন্ত্ৰী আৰু কৰ্মকৰ্তাসকলে ৰাইজৰ স্বাৰ্থত কাম কৰাৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মা এণ্ড প্ৰাইভেট কোম্পানীৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ বাধ্য হৈছে। সেইবাবে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক, কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই অসম গণ পৰিষদ ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিবলৈ আহিছে। একেদৰে ছিপাঝাৰ সমষ্টিৰ ৩ বাৰৰ প্ৰাক্তন বিধায়ক তথা পূৰ্বৰ কংগ্ৰেছ নেতা বিনন্দ শইকীয়াই বিজেপি এৰি কংগ্ৰেছ দললৈ আহিছে। গগৈয়ে কয়, বৈঠালাংছু সমষ্টিৰ প্ৰাক্তন বিধায়ক, পূৰ্বৰ সংসদীয় সচিব মনছিং ৰংপিয়ে বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছলৈ ঘূৰি আহিছে। এই তিনিওজন নেতাকে আদৰণি জনাই এয়া মাত্ৰ আৰম্ভণি বুলিহে গগৈয়ে কয়। ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ বহুকেইজন নেতা-কৰ্মীয়ে নিজৰ দল ত্যাগ কৰি কংগ্ৰেছলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে আঁত ধৰা অনুষ্ঠানটোত নিখিল ভাৰত কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক কেচি বেণুগোপালৰ লগতে অসমৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment