আমাৰ হাতৰ পৰা ক্ষমতা বেছি দূৰত নাই : সাংসদ গৌৰৱ গগৈ


গুৱাহাটী,১০ অক্টোবৰ : প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আজি ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়৷ ১০ ছেপ্টেম্বৰৰ দৰেই পূৰ্বে ঘোষণা কৰা তাৰিখ অনুসৰি আজি ১০ অক্টোবৰত অনুষ্ঠিত যোগদান কাৰ্যসূচীতো বিজেপিকে ধৰি আন দলৰ বহু নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগ দিয়ে৷ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে৷ প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিপুল গগৈয়ে আঁত ধৰা আজিৰ যোগদান কাৰ্যসূচীত বিজেপিৰ গৱেষক-উন্নয়ন সমিতিৰ সদস্য তথা প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ পুত্ৰ আৰ্কাশিস চলিহাই কংগ্ৰেছত যোগদান কৰে৷ বিজেপিৰ প্ৰাক্তন বিধায়ক কাৰ্তিক সেন সিনহা, ড০ অমিত কুমাৰ কালৱাৰ, শদিয়া সমষ্টিৰ পৰা পূৰ্বে প্ৰতিদ্বন্দ্বিতা কৰা গোপাল প্ৰধান, বিজেপি নেতা বাটাছ ওৰাং, এনপিপিৰ কাৰ্যনিৰ্বাহক সদস্য নিহাৰ ৰঞ্জন গগৈ, গুৱাহাটী উচ্চ ন্যায়ালৰ অধিবক্তা নবজ্যোতি কোঁৱৰে কংগ্ৰেছত যোগদান কৰে৷ তদুপৰি ইমানুৱেল বেনিয়া তাঁতী, তপব্ৰত ভূঞা, অজিত কুমাৰ নিহিম, হিৰল্ড ছিয়াল, চুমি সোনা, নৰেন সোনা, জাবা তাৰ্কি, মনোজ ৰবিদাস, তৰুণ কুন্দা, সঞ্জায় বাগ, মঞ্জুৰ আলী, লুকাচ দুমতা, সৌৰভ কলিতায়ো কংগ্ৰেছত যোগদান কৰে৷ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ সাম্প্ৰতিক ৰাজনীতি আৰু নীতি-আদৰ্শৰ প্ৰতি বিতুষ্ট হৈ বিজেপি দলৰ নেতা-কৰ্মী তথা সচেতন নাগৰিকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। আজিৰ যোগদান কাৰ্যসূচীত বিজেপি দলৰ বৃহৎসংখ্যক যুৱ নেতা-কৰ্মীও আছে৷ যোগদান সভাত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তৰুণ গগৈ চৰকাৰৰ দিনৰ ‘ৰাইজৰ পদূলিত, ৰাইজৰ চৰকাৰ’ শীৰ্ষক কাৰ্যসূচীৰ দৰেই কংগ্ৰেছে ‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে৷ গৌৰৱ গগৈয়ে ভাষণত কয় যে শীঘ্ৰেই এক নতুন যাত্ৰা আৰম্ভ হ'ব,‌ যি যাত্ৰাৰ নাম হ'ব ‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ৷’ প্ৰয়াত তৰুণ গগৈয়ে দেখুৱাই যোৱা বাটেৰে আগন্তুক দিনত আগুৱাই যাব কংগ্ৰেছ। কংগ্ৰেছ পৰিয়ালৰ প্ৰতিগৰাকী সদস্য ৰাইজৰ কাষলৈ যাব। আমি ৰাইজৰ সমস্যা সমাধান কৰিব খোজো, ল’ৰা-ছোৱালীৰ ভৱিষ্যৎ উজ্জ্বল কৰিব বিচাৰিছোঁ৷ আমি ৰাইজৰ বাবে কষ্ট কৰিব খোজোঁ, ত্যাগ আৰু বলিদান দিব খোজোঁ৷ কংগ্ৰেছ দলৰ নেতাসকলে ৰাইজৰ মাজলৈ যাব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাই ৰাইজৰ মাজলৈ গৈ জনসাধাৰণৰ মূল সমস্যাৰ বুজ ল’ব৷ বিশেষকৈ নাৰীসকলৰ সমস্যা মীৰা বৰঠাকুৰে বিভিন্ন ঠাইলৈ গৈ বুজ ল’ব৷ সেৱা দলৰ সভাপতি দ্বীপ বায়নেও ৰাইজৰ মাজলৈ যাব৷ কংগ্ৰেছে নতুন এটা যাত্ৰা আৰম্ভ কৰিব৷ সেই যাত্ৰা হ’ব ‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ৷’ আগৰ চৰকাৰৰ দিনত তৰুণ গগৈৰ নেতৃত্বত একেই ‘ৰাইজৰ পদূলিত, ৰাইজৰ চৰকাৰ’ অনুষ্ঠান আছিল৷ সেই অনুষ্ঠানত মন্ত্ৰী-বিধায়ক, আমোলাই ৰাইজৰ ওচৰলৈ গৈ সমস্যাৰ বুজি লৈছিল৷ আজি আমাৰ হাতত ক্ষমতা নাই৷ ক্ষমতা আমাৰ পৰা বেছি দূৰত নাই বুলি দাবী কৰি গৌৰৱ গগৈয়ে কয় যে আজি ঋণৰ বোজা বাঢ়িছে৷ আমাৰ কাম হ’ব ঋণৰ বোজা কেনেকৈ কমাব পাৰোঁ৷ নিবনুৱা সমস্যা, থলুৱা ঠিকাদাৰ-দোকানী, ক্ষুদ্ৰ উদ্যোগ, সমবায় সংস্থা, কো-অপাৰেটিভ অনুষ্ঠান শক্তিশালী কৰিবলৈ আমি কাম কৰিব লাগিব বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে৷ গৌৰৱ গগৈয়ে কংগ্ৰেছৰ নেতা-কৰ্মীক বিশেষভাৱে আহ্বান জনাই কয় যে কংগ্ৰেছ দলৰ প্ৰতিগৰাকী সদস্য আৰু নতুনকৈ যোগদান কৰা সদস্যসকল ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ শ্ল’গান লৈ গাঁৱে-ভূঞে যাব আৰু ইতিমধ্যে গৈ আছোঁ। বিজেপিৰ অপশাসন আৰু বিভেদকামী ৰাজনীতিৰ বিৰুদ্ধে ৰাইজৰ সৈতে একত্ৰিতভাৱে বিভেদকামী শক্তিসমূহৰ বিৰুদ্ধে যুঁজিম আৰু আমি এই যুঁজত জয়ী হ'ম বুলিও কয় গগৈয়ে৷ গৌৰৱ গগৈয়ে কংগ্ৰেছলৈ সদায়েই নতুন নতুন শক্তি আহি আছে বুলি মন্তব্য কৰি কয়, ‘এই নতুন শক্তিক লৈ আমি সদায়েই অসমৰ ভৱিষ্যত ৰচনা কৰিম৷ আমি আজি যি ৰাজনীতি কৰি আছোঁ সেই ৰাজনীতি ব্যক্তিগত স্বাৰ্থৰ বাবে কৰা নাই৷ আজি ৰাইজে ওলাই আহি মৰম আৰু আশীৰ্বাদ কৰিছে৷ ৰাইজে বহু আশা কৰিছে সেই কাৰণে মৰম দিছে৷ যুৱ প্ৰজন্মই আমাৰ পৰা কিবা বিচাৰিছে সেই কাৰণে কংগ্ৰেছত যোগ দিছে৷ আশা কৰি বহু সচেতন নাগৰিক কংগ্ৰেছৰ সৈতে জড়িত হৈছে৷ আমাৰ পৰৱৰ্তী চিন্তা এয়াই হ’ব লাগে যে বৰ্তমানৰ অন্ধকাৰৰ পৰা, অন্যায়-অত্যাচাৰৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ৷ অসমে জানিব বিচাৰিছে কংগ্ৰেছে কেনেকৈ চৰকাৰ গঠন কৰিব৷ আৰ্থিক, সামাজিক, সাংস্কৃতিক, ক্ৰীড়া জগতক কেনেকৈ আগুৱাই নিব৷ যদি আমি এই আশা পূৰণ কৰিব খোজোঁ তেন্তে আমি ৰাইজৰ ওচৰলৈ যাব লাগিব৷ আমি ব্যক্তিগত সপোন ৰাইজৰ ওপৰত জাপি দিবলৈ বিচৰা নাই। আমি ব্যক্তিগত চিন্তা ৰাইজৰ ওপৰত জাপি দিবলৈ বিচৰা নাই। আমি ৰাইজৰ কাষলৈ গৈ, ৰাইজৰ আশা-আকাংক্ষাৰ বুজ লৈ তেখেতসকলৰ সপোন বাস্তৱায়িত কৰিব বিচাৰোঁ।’ আনহাতে যোগদান সভাত ভাষণ প্ৰদান কৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই মুখ্যমন্ত্ৰীয়ে ’২৬ ত বিজেপি জয়ী হ'লে মিঠাতেল দিম বুলি কৰা ঘোষণাক সমালোচনা কৰি কয় যে ৰাইজে বিজেপিক জনজাতিকৰণৰ আশাত, সংস্থাপনৰ তাগিদাত, মৃত্যুমুখলৈ যোৱা চাহ বাগান পুনৰুদ্ধাৰৰ বাবে ভোট দিছিল। পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়বোৰ পাহৰি এতিয়া ৰাইজক কৈছে যে ’২৬ ত বিজেপি জয়ী হ'লে মিঠাতেল দিব। আনহাতে, আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ আৰু জ্যেষ্ঠ নাগৰিক ঋষিকেশ বৰুৱা, উজ্জ্বল কলিতা, বিকাশ যাদৱ, মাহফুজ আজিম, অৰ্ণৱ প্ৰতিম দাস, সুমন সিনহা, ছিমৰানুল হক চৌধুৰী, মানস কলিতা, জাহ্নু ডেকা, ভুনু হালৈ, নয়ন হালৈ, ৰেকিবুল আলম, তাঞ্জিম লতিফ চৌধুৰী, ঋতুৰাজ শর্মা, দিগন্ত বৰুৱা, ৰাহুল সিং, কাশী সিং, সাগৰ সিং, মোহিত আহমেদ, বিশাল সিং, পায়েল বাল্মীকি, দিশা বাল্মীকি, বিদ্যা বাল্মীকি, শীতল কৌৰ, নেহা বাল্মীকি, ৰিয়ান আহমেদ, উদ্দীপন তালুকদাৰ, চাহিল আহমেদ, জিতু কছাৰী, মোস্তাফা আহমেদ, আফতাব আলী, ইমামুল হক, চাহিল আখতাৰ, নবিদুল শ্বেখ, আছিক ইকবাল, দীপাংকৰ শর্মা, মাধৱ দাস, ফজল আলী, জব্বাৰ আলী, শুকুৰ আলী, আব্দুল হান্নান, চাহিল থাপা, জায়েদ আহমেদ, ৰাজীৱ হালৈ, নজৰুল ইছলাম, জয়তা দাস, নৃপেনজ্যোতি লহকৰে প্ৰদেশ কংগ্ৰেছত যোগদান কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment