মুখ্যমন্ত্রীৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ দাখিল


গুৱাহাটী,৮ অক্টোবৰ : মুখ্যমন্ত্ৰীৰ দৰে এটা সাংবিধানিক পদত থাকি হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাতৃ সমাজৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্য কৰাৰ অভিযোগ তুলি আজি প্ৰদেশ কংগ্ৰেছৰ কেইবাটাও শাখাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। অৰুণোদয় প্ৰদান কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছীসকল মাতৃগৰ্ভৰ পৰা জন্ম হৈছিল নে নাই বুলি কৰা মন্তব্যৰ পিছত আজি অসম প্ৰদেশ কংগ্ৰেছৰ অনুসূচিত জাতি শাখাৰ অধ্যক্ষ কৃষ্ণা দাসে গীতানগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰত অনুসূচিত জাতিৰ মাতৃ সমাজক অপমানিত কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ একেদৰে কাৰ্বি আংলঙত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ জিলা অধ্যক্ষ চেৰিছমা লেংথেপিয়ে অসমৰ জনজাতি মাতৃসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা অপমানৰ বাবে এখন এজাহাৰ দাখিল কৰিছে৷ মুখ্যমন্ত্ৰীজনে বাৰেভচহু কথাৰে অসমৰ আইমাতৃ সমাজক বাৰে বাৰে অপমান কৰাৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment