বীৰ লাচিত সেনাকলৈ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ মন্তব্য


গুৱাহাটী,২৭ অক্টোবৰ : শীঘ্ৰেই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা। বীৰ লাচিত সেনাৰ কাম-কাজত গভীৰভাৱে অসন্তুষ্ট ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শৃংখল চলিহা আৰু ৰন্টু পানী ফুকনৰ নেতৃত্বাধীন সংগঠনটোৱে বিগত কেইটামান বছৰ অসমৰ ৰাইজৰ হকে বিভিন্ন কাম কৰি আছে। কিন্তু শেহতীয়াভাৱে ধন দাবী, মাৰপিট আদি কৰি পৰিৱেশ বিনষ্ট এক অভিযোগ উত্থাপন হৈছে সংগঠনটোৰ বিৰুদ্ধে। ধন দাবী কৰি দিছপুৰ আৰক্ষীৰ জালত পৰিছে বীৰ লাচিত সেনাৰ ৫জন সদস্যকে ধৰি আঠজন লোক। এজন লোকক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগ আৰক্ষীয়ে বিশ্বজিত দলে, ইনজামুল হক, ৰোহনআলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বল্ল কলিতাক গ্ৰেপ্তাৰ কৰিছে । সোমবাৰে  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  সংবাদ মাধ্যমৰ আগত  সংগঠনটো সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰী গৰাকীয়ে কয়  "বীৰ লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট হৈছো। তেওঁলোকৰ কাম কাজ আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছো। হয়টো এটা সময় আহিব, আলফাৰ দৰে লাচিত সেনাক আমি নিষিদ্ধ ঘোষণা কৰিব লগিব। অসমত ব্যৱসায়ী সকলক লাচিত সেনাই যথেষ্ঠ অত্যাচাৰ কৰে। বিগত এমাহ অসমত ব্যৱসায় তেওঁলোকে নষ্ট কৰি দিছে।" লগতে  মুখ্যমন্ত্ৰীয়ে নাম নোলোৱাকৈ বিকাশ অসম নামৰ লাচিত সেনাই নেতা গৰাকীৰ কথা উল্লেখ কৰি কয়  "যোৱাকালি লাচিত সেনাৰ এগৰাকী নেতাই অসমৰ আই মাতৃক লৈ যি অপমানসূচক মন্তব্য দিলে তাৰ বিৰুদ্ধে মই ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছো। আৰু এই ব্যৱস্থা সঁচাকৈ কঠোৰ হব। মই তেওঁৰ নাম কব বিচৰা নাই। নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যিয়ে অসমীয়া আই মাতৃক বেয়া শব্দ প্ৰয়োগ কৰিছে মই মানি লব নোৱাৰো। এই ব্যক্তিজনে ক্ষমতা কেনেকৈ প্ৰায়োগ কৰিব লাগে শিকিব লাগিব। এইখিনি শিকাবৰ কাৰণে চৰকাৰে যি কৰিব লাগে কৰিব।"

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment