গুৱাহাটী,৩১ অক্টোবৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে' চাবলৈ আজি হিলদল ভাঙি ওলাই আহিল ৰাইজ। অসমীয়া চিনেমাৰ বাবে আজি এক বিৰল অভিলেখ সৃষ্টি হ'ল। আজি মুক্তি পোৱা 'ৰৈ ৰৈ বিনালে' ছবিখন ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে প্ৰতিটো দৰ্শনীতে হাউচফুল হ'ল। ৰাজ্যজুৰি কল্পনাতীত সমাদৰ লাভ কৰা জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ ছবিখন গুৱাহাটীৰ নাৰেংগীৰ গোল্ডত দলীয় বহু সংখ্যক কৰ্মকৰ্তাৰে সৈতে উপভোগ কৰে অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। ছবিখন উপভোগ কৰাৰ পিছত মন্ত্রী অতুল বৰাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মন্ত্রীগৰাকীয়ে কয়, "ছবিখন চাই অভিভূত হ'লো। জুবিন গাৰ্গৰ অভিনয়ে অভিভূত কৰিলে। গায়ক বুলিয়েই সকলোৱে জানিছিল। সুন্দৰ অভিনয়। আজি পুৱাৰে পৰাই ৰাজ্যৰ চিনেমা হল বোৰত যিধৰণৰ ভিৰৰ কথা শুনিছো বা জানিছো সেয়াই জুবিন গাৰ্গৰ প্ৰতি থকা ৰাইজৰ মৰম, ভালপোৱা আৰু শ্ৰদ্ধাৰ কথাকে প্ৰমাণ কৰিলে। মই ভাবো জুবিন গাৰ্গ জীৱিত কালত ঈৰ্ষণীয়ভাৱে যিমান জনপ্ৰিয় হৈছিল আৰু মৃত্যুৰ পাছত তেওঁ জনপ্ৰিয়তা আৰু বেছিহে বৃদ্ধি পাইছে। চিনেমাখনৰ পাছত আৰু বৃদ্ধি পাব। হয়টো এনে জনপ্ৰিয়তা জুবিন গাৰ্গৰ ক্ষেত্রতহে সম্ভৱ। আজি আমাৰো কৰ্মকৰ্তাসকলে বিভিন্ন স্থানত ছবিখন চাইছে। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁ ন্যায় পাওক তাকেই আমি কামনা কৰো।" আনহাতে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই নিজৰ প্ৰতিক্ৰিয়াত কয়, "ৰৈ ৰৈ বিনালে ছবিখনৰ কাহিনী, অভিনয় আদি সকলোৱে সকলোৰে হৃদয় স্পৰ্শ কৰিছে। সকলোৱে উপভোগ কৰিব পৰা এখন ছবি। জুবিন গাৰ্গৰ চৰিত্রটো এটা স্বাভিমানী চৰিত্রই। তেখেতৰ জীৱনকালৰ বাস্তৱ কথাবিলাকো তাত প্ৰকাশিত হ'ল আৰু সেইটোৱে আমাক বেছি অৰ্থপূৰ্ণ কৰি তোলিছে।"
ইফালে সামাজিক মাধ্যম যোগেও মন্ত্রী অতুল বৰাই ছবিখনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয়, "ৰৈ ৰৈ বিনালে এক আৱেগৰ নাম। 'ৰৈ ৰৈ বিনালে' - 'জুবিন গাৰ্গ' জীয়াই থকাৰ এক বিশ্বাসৰ নাম। 'ৰৈ ৰৈ বিনালে' - আমাৰ হৃদয়ত আজীৱন গুঞ্জৰিত হৈ থাকিব পৰা এখন চিনেমাৰ নাম। সঁচা অৰ্থত এয়া কেৱল এখন চিনেমাই নহয়, এয়া 'জুবিন' নামেৰে আমি জী থকা আৱেগ-হেঁপাহখিনি প্ৰতিফলিত হোৱা এক বাস্তৱ প্ৰতিচ্ছবি। প্ৰিয় শিল্পীগৰাকীক আজি গুৱাহাটীত অসম গণ পৰিষদৰ সতীৰ্থসকলৰ সৈতে এক আৱেগিক মুহূৰ্তত ৰূপালী পৰ্দাত চোৱাৰ সময়খিনিত এক বুজাব নোৱৰা অনুভৱ হ'ল। এখন চিনেমাই 'জুবিন গাৰ্গ'ৰ জীৱনৰ প্ৰতিচ্ছবি গভীৰভাৱে আমাৰ সন্মুখত উপস্থাপন কৰিলে। আমি আজি সকলো আৱেগিক হৈছোঁ। ভাবিব নোৱৰা দুখ এটাই আৱৰি আছে। এয়া 'জুবিন'ৰ অন্তিমখন চিনেমা নহয়। এয়া জুবিনে সৃষ্টি কৰি যোৱা নতুনৰ আহ্বান...। এই বাটেৰেই আৰম্ভ হ'ব অসমৰ চলচ্চিত্ৰৰ এক নতুন যাত্ৰা। আমাৰ হৃদয়ত ৰৈ যাব জ্যোতি-বিষ্ণু-নটসূৰ্য, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা, ড° ভবেন্দ্ৰনাথ শইকীয়া আদিৰ দৰে মহান ব্যক্তিৰ লগতে 'জুবিন গাৰ্গ' নামৰ বিশাল অনুষ্ঠানটিয়ে অসমৰ চলচ্চিত্ৰ জগতত দেখুৱাই যোৱা স্বৰ্ণিল কাহিনী...।"

0 Comments:
Post a Comment