গুৱাহাটীৰ ভৰলু নদীত 'ছেভ ভৰলু'ৰ নাওখেল


গুৱাহাটী,৫ অক্টোবৰ : গুৱাহাটী মহানগৰীৰ ভৰলু নদীত নাওখেল। আচৰিত যেন লাগিলেও সঁচা। মহানগৰীৰ আৱৰ্জনা কঢ়িয়াই ভাগৰি পৰা ভৰলু নদীত আজি অনুষ্ঠিত হ'ল নাওখেল। 'ছেভ ভৰলু (ভৰলু বচাওঁ) অভিযান'ৰ উদ্যোগত ভৰলু নৈত দেওবাৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সশ্ৰদ্ধ সোঁৱৰণত অনুষ্ঠিত কৰা হয় নাও খেল। অসমৰ চাৰিটা নাওখেল দলে ভাগ লয় এই নাওখেলত। ভৰলু নৈত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নাওখেল চাবলৈ ভৰলুৰ পাৰলৈ ওলাই আহিল গুৱাহাটী মহানগৰীৰ সৰ্বস্তৰৰ লোক। ইতিমধ্যেই প্ৰাৰ্থনাত পৰিনত হোৱা জুবিন গাৰ্গৰ 'মায়াবিনী ৰাতিৰ বুকুত' আৰু ছেভ ভৰলুৰ থিমচংৰ মাজতে ২৪ জন নাওৰীয়াই নাও বাই দৃষ্টি আকৰ্ষণ কৰে সৰ্বস্তৰৰ লোকৰ। উল্লেখ্য যে মুমূৰ্ষ ভৰলুৰ পুনৰুজ্জীৱিতকৰণৰ সংকল্প লৈ এদল প্ৰকৃতি প্ৰেমী লোকৰ উদ্যোগত ২০২১ চনত জন্ম লাভ কৰিছিল ছেভ ভৰলু অভিযান নামৰ অনুষ্ঠানটো। কেইজনমান লোকে আৰম্ভ কৰা অনুষ্ঠান ছেভ ভৰলুৰ পৰিয়ালে ইতিমধ্যেই বটগছৰ ৰূপ লৈছে। সৰ্বস্তৰৰ লোক স্বত:স্ফুৰ্তভাৱে চামিল হৈছে ছেভ ভৰলু অভিযানৰ সৈতে। 


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment